
ৰখাই থোৱা চাইকেল আতৰাবলৈ কোৱাৰ কাৰণেই এদল উদণ্ড যুৱক তথা কিশোৰে ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। আৰক্ষীৰ জালত ৮গৰাকী আক্ৰমণকাৰী, কেইবাজনো পলাতক।
ৰখাই থোৱা চাইকেল আতৰাবলৈ কোৱাৰ কাৰণেই এদল উদণ্ড যুৱক তথা কিশোৰে ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। আৰক্ষীৰ জালত ৮গৰাকী আক্ৰমণকাৰী, কেইবাজনো পলাতক।
বিজয়া দশমীৰ নিশা এদল কম বয়সৰ যুৱকৰ লগতে কিশোৰৰ দলবদ্ধ আক্ৰমণত অকাল মৃত্যু চিন্ময় শইকীয়া নামৰ এজন চফল ডেকাৰ । ডিব্ৰুগড়ত নিশা পূজাৰ বিসৰ্জন চলি থকাৰ মাজতে সংঘটিত হৈছিল এই ঘটনা। মৃত চিন্ময় শইকীয়াৰ ঘৰ মৰিগাঁও জিলাত, ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচৰ কৰ্মচাৰী আছিল যুৱকজন ।
ঘটনাৰ নিশা নিজৰ কৰ্তব্য সামৰি ঘৰমুৱা হৈছিল চিন্ময় শইকীয়া। সেই সময়তে ডিব্ৰুগড়ৰ মথাউৰি কাষৰ কয়লা ঘাটত এখন ৰখাই থোৱা চাইকেল আঁতৰাবলৈ অনুৰোধ কৰিছিল চিন্ময়ে। কিন্তু সেই সামান্য কথাতেই উদণ্ড এদল যুৱকৰ লগতে কিশোৰে উপৰ্যুপৰি প্ৰহাৰ কৰিলে অকলশৰীয়াকৈ থকা চিন্ময়ক। উপৰ্যুপৰি প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিন্ময়ক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সেই নিশাই মৃত্যু হৈছিল যুৱকজনৰ। এই সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছিল ডিব্ৰুগড় আৰক্ষীয়ে।অৱশেষত মঙ্গলবাৰৰ নিশা অভিযান চলাই আৰক্ষীয়ে চহৰৰ বিভিন্ন ঠাইৰ পৰা আটক কৰে আঠজন আক্ৰমণকাৰীক ।লক্ষণীয় ভাবে ইয়াৰে ৫ গৰাকী কিশোৰ । আন তিনি গৰাকী হৈছে ২৪বছৰীয়া তাজিমুদ্দিন আহমেদ, ১৮বছৰীয়া টিংকল নাথ, ২২বছৰীয়া প্ৰিন্স হাজৰিকা ।ইফালে এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|