ৰাজ্য চৰকাৰে গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ বাবে এক প্ৰকাৰ জেহাদ ঘোষণা কৰাৰ সময়তে গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে আৰক্ষী-প্ৰসাশনকো আওকাণ কৰি অব্যাহত ৰাখিছে গৰুৰ চোৰাং চালান ৷ শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ পঠিওৱা ৩৪টা গৰুভৰ্তি এখন নাও উদ্ধাৰ কৰে ধুবুৰী আৰক্ষীৰ এটা দলে ৷
নিশা ধুবুৰী অধীক্ষকৰ নিৰ্দেশত এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান ৷ ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ পঠিওৱা গৰু ভৰ্তি এখন নাও প্ৰত়্যক্ষ কৰে আৰক্ষীয়ে ৷ নিশা গৰু সৰবৰাহকাৰীকেইটাক গৰুসহ গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়াস কৰে যদিও বিফল হয় ৷ পিছত আৰক্ষীয়ে ছয় জাঁই গুলী চালনা কৰে যদিও নাৱৰ পৰা নৈৰ বুকুত জাঁপ দি পলায়ন কৰে চোৰাং গৰুৰ সৰবৰাহকাৰীকেইটা।
পিছত ধুবুৰী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ৩৪টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য, দীৰ্ঘ দিনৰ পৰা ধুবুৰীৰ ব্ৰহ্মপুত্ৰয়েদি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|