• Home
  • »
  • News
  • »
  • crime
  • »
  • DGP on Guwahati Hit & Run case : 'ডঃ নভনীল বৰুৱাই মোলৈ ফোনত মেছেজ কৰাতো হয়', গুৱাহাটী হিট এণ্ড ৰাণ গোচৰত DGP মহন্তৰ প্ৰতিক্ৰিয়া

DGP on Guwahati Hit & Run case : 'ডঃ নভনীল বৰুৱাই মোলৈ ফোনত মেছেজ কৰাতো হয়', গুৱাহাটী হিট এণ্ড ৰাণ গোচৰত DGP মহন্তৰ প্ৰতিক্ৰিয়া

DGP মহন্তই লগতে জনায় যে হোটেল তাজ ভিভাণ্টাৰ পাৰ্টিৰ CCTV দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়া হৈছে। পাৰ্টিত কোন কোন আছিল আৰু কি কি সেৱন কৰিছিল সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিছে DGPয়ে। 

  • Share this:
গুৱাহাটী হিট এণ্ড ৰাণ গোচৰ (Guwahati Hit & Run case)ত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া  অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি DGP ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই স্বীকাৰ কৰে যে ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক লৈ তেওঁক যোগাযোগ কৰিছিল ডঃ নভনীল বৰুৱা (Dr Navanil Baruah)ই। শেহতীয়াকৈ নভনীল বৰুৱাক জেৰা কৰা পিছতে ঘটনাত নাম সাঙোৰ খাইছিল DGP ভাস্কৰজ্যোতি মহন্তৰ।

DGP ভাস্কৰজ্যোতি মহন্তই কয়,  '৪ তাৰিখে ডঃ নভনীল বৰুৱাই মোলৈ ফোনত মেছেজ কৰাতো হয়। যুৱতীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত তেওঁ মোক জনাইছিল।' তেওঁ লগতে এইটোও স্পষ্ট কৰি দিয়ে যে যি কোনো পৰিস্থিতিতে যুৱতীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলিয়ে চিকিৎসকজনক জনাই দিছিল।

ডঃ নভনীল বৰুৱাই DGPৰ সৈতে কথা পতা বুলি ওলোৱা বাতৰি সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ দিলে DGP ভাস্কৰজ্যোতি মহন্তই।

DGP মহন্তই লগতে জনায় যে হোটেল তাজ ভিভাণ্টা (Hotel Taj Vivanta)ৰ পাৰ্টিৰ CCTV দৃশ্য সংগ্ৰহৰ নিৰ্দেশ দিয়া হৈছে। পাৰ্টিত কোন কোন আছিল আৰু কি কি সেৱন কৰিছিল সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিছে DGPয়ে।

উল্লেখ্য যে ৰাজ্যত নৈশ সান্ধ্য আইন (Night Curfew) চলি থকাৰ মাজতে আৰু ২ অক্টোবৰত ড্ৰাই ডে (Dry day) হোৱাৰ পিছতো হোটেল তাজ ভিভাণ্টাত নিশালৈ কেনেকৈ সুৰাৰ পাৰ্টি হৈছিল সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাজ্যবাসীয়ে।
Published by:Manjumoni Borah
First published: