পৰিয়ালটোৰ ওচৰতে বাস কৰা এটি ল'ৰাজনে কুকুৰটোক ৰডেৰে আক্ৰমণ কৰে পৰিয়ালটোৰ ওচৰতে বাস কৰা এটি ল'ৰাজনে কুকুৰটোক ৰডেৰে আক্ৰমণ কৰে কুকুৰৰ বাবে সংঘটিত হৈছে এটা হত্যাকাণ্ড। কুকুৰৰ ভুকভুকনি সহ্য কৰিব নোৱাৰি এগৰাকী ১৭ বছৰীয়া ল'ৰাই কুকুৰৰ গৰাকীক ৰডেৰে কোবাই হত্যা কৰে। এই ঘটনা দিল্লীৰ দ্বাৰকা জিলাত।
ঘটনাৰ বিৱৰণী মতে, দিল্লী দ্বাৰকা জিলাৰ নজাফগড় অঞ্চলত বাস কৰা এটা পৰিয়ালৰ পোহনীয়া কুকুৰে ল'ৰাজনক (teenage boy) দেখি ভুকিবলৈ ধৰে। ভুকভুকনি (Barking) সহ্য কৰিব নোৱাৰি পৰিয়ালটোৰ ওচৰতে বাস কৰা এটি ল'ৰাজনে কুকুৰটোক ৰডেৰে আক্ৰমণ কৰে। ঘটনাটো প্ৰত্যক্ষ কৰি কুকুৰৰ (pet dog) মালিক ৮৫ বছৰীয়া বৃদ্ধ অশোক কুমাৰে বাধা দিয়ে। তেতিয়া ল'ৰাজনে বৃদ্ধগৰাকীকো আক্ৰমণ কৰে।
ৰডেৰে কৰা আক্ৰমণত আহত অৱস্থাত বৃদ্ধগৰাকীক ৰাও তুলাৰাম মেমোৰিয়েল হাস্পতাললৈ নিয়া হয় যদিও দুদিন পিছত বৃদ্ধগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আৰক্ষীয়ে বৃহস্পতিবাৰে দিয়া তথ্য মতে, ঘটনাটো ১৮ মাৰ্চত সংঘটিত হৈছিল। অঞ্চলটোত হোলী উদযাপনৰ সময়ত সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে কুমাৰৰ পত্নীৰ পৰা সন্ধিয়া প্ৰায় ৫.৩০ বজাত পোৱা ফোনৰ ভিত্তিত তদন্তকাৰী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাৰী ১৭ বছৰীয়া ল'ৰা বাবে জুভেনাইল জাষ্টিচ বোৰ্ড (Juvenile Justice Board)ৰ নিয়ম অনুযায়ী তেওঁৰ বিচাৰ কৰা হ'ব।
Published by: Gautam Barman
First published: March 24, 2022, 16:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|