দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত ৰবিন হিবুৰ নামত ফেচবুক একাউণ্ট খুলি দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা উত্তৰ পূবৰ লোকৰ মাজত প্ৰবঞ্চনাৰ জাল পেলোৱা চলমান খান এতিয়া আৰক্ষীৰ জিম্মাত । ৰাজস্থানৰ পৰা দিল্লী আৰক্ষীয়ে ধৰি আনিছে চলমানক । জেষ্ঠ IPS বিষয়া হিবুয়ে আজি এটা Whatsapp বার্তাৰ যোগেদি জনোৱা মতে চলমানে গুগলত উপলব্ধ ৰবিন হিবুৰ ফটো সংগ্ৰহ কৰি ফেচবুক একাউণ্ট খুলি লৈছিল । সেই একাউণ্টৰ যোগেদি চলমানে উত্তৰ পূৱৰ লোকৰ পৰা দান বৰঙণি বিচাৰিছিল ।
এনে কাৰ্যৰে চলমানে ইতিমধ্যে বহু টকা সংগ্ৰহ কৰিলে বুলিও জানিবলৈ দিছে হিবুয়ে । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ নিবাসী ৰবিন হিবু সমগ্ৰ দেশৰে উত্তৰ পূৱৰ লোক সকলৰ মাজত যথেষ্ট জনপ্ৰিয় । তেওঁ Helping Hand নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত । এই প্ৰতিষ্ঠানৰ যোগেদি তেওঁ দিল্লী তথা দেশৰ আন প্ৰান্তত বসবাস কৰি থকা উত্তৰ পূৱৰ লোকক সৰ্বতো প্ৰকাৰে সহায়ৰ হাত আগবঢ়ায় । Covid-19 মহামাৰীৰ সময়তো Helping Handএ বিপদত পৰা উত্তৰ-পূৱৰ লোকক সহায়ৰ হাত আগবঢ়াইছে ।
চলমানে WhatsAppতো ধন বিচাৰি মেছেজ কৰিছিল বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীৰ জেষ্ঠ বিষয়াজনে । হিবুয়ে ইয়াৰ আগতেও উত্তৰ পূৱৰ লোকো এনে কাৰ্যত জড়িত হৈ ধৰা পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ অসমৰ লোকেও এনে কাৰ্যত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|