পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভোলাগাঁওত আজি উদ্ধাৰ হয় এটি মৃতদেহ। ভোলাগাঁওৰ ব্যৱসায়ী ছিৰাজ আলীৰ বাসগৃহত উদ্ধাৰ হোৱা মৃতদেহটো ১৯ বছৰীয়া আছিফ আলী নামৰ যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।
দক্ষিণ কামৰূপৰ ভোলাগাঁওৰ ব্যৱসায়ী ছিৰাজ আলীৰ ভাগিনীয়েক চন্দনা বেগমৰ দোকানত আচিফ আলী ওৰফে বাব্লা নিয়োজিত হৈ আছিল যদিও ধনৰ লেন-দেন সংক্ৰান্তত চন্দনাৰ সৈতে তৰ্কত লিপ্ত হৈছিল আচিফ ওৰফে বাব্লা।
যোৱা নিশা ১০:৩০ বজাত সমীপৰে ইমাম আলী আৰু আনোৱাৰ আলী নামৰ দুই যুৱকে আচিফ আলীক গঁতিয়াই চন্দনা বেগমৰ বাসগৃহলৈ লৈ যায়। নিশাতো ঘৰত উপস্থিত নোহোৱাত আজি পুৱা ব্যৱসায়ী ছিৰাজ আলীৰ বাসগৃহত আছিফৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হয়।
মৃত আছিফ আলীৰ পৰিয়ালকৰ অভিযোগ যুৱকজনক হত্যা কৰা হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে পলাশবাৰী আৰক্ষী থানাত। পলাশবাৰী আৰক্ষীয়ে সোধা-পোচাৰ বাবে চিৰাজ আলীক থানালৈ আনিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|