নুমলীগড়ত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ গোলাঘাট জিলা। বগীজান আৰক্ষী থানাৰ কিছু নিলগত চতিয়না পথাৰত এখন মটৰচাইকেলত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ এটা মৃতদেহ ।গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত মুৰফুলনীৰ চতিয়না পথাৰ অঞ্চলত মুৰফুলনী বগীজান গড়কাপ্তানী পথৰ কাষত মৃতদেহটো বগীজান আৰক্ষীয়ে উদ্ধাৰ কৰে।
চতিয়না পথাৰ গাওঁৰক্ষী বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত পথৰ কাষত এখন মটৰচাইকেলত হাত ভৰি বান্ধি থোৱা অবস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ নিশাই মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৃত যুৱকজন মুৰফুলনী চাহবাগিচাৰ গৌতম বৰাইক বুলি চিনাক্ত কৰিছে আৰক্ষী তথা পৰিয়ালে ।আনহাতে উক্ত ঘটনাৰ পিছত সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড । আনহাতে শেহতীয়াকৈ গোলাঘাট-কাৰ্বি আংলং সীমান্ত অঞ্চলটোত এচাম যুৱকে আবাধে চলাই আহিছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলন । আৰক্ষীৰ সন্দেহ ড্ৰাগছৰ বাবেই এতিয়া এনেধৰণৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে । আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰঙী শাখা সমিতি আৰু মুৰফুলনী উপ শাখাই উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে।অন্যথা অনাগত সময়ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সংগঠটোৱে ।
Published by: Kokil Sarma
FIRST PUBLISHED : May 28, 2021, 09:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।