কিন্তু চোৰৰ ভাগ্য বেয়া। সকলোবোৰ লণ্ড-ভণ্ড কৰে যদিও বেচেৰা চোৰে একো নাপালে।
কিন্তু চোৰৰ ভাগ্য বেয়া। সকলোবোৰ লণ্ড-ভণ্ড কৰে যদিও বেচেৰা চোৰে একো নাপালে।
কোৰোণাৰ ভেকচিন (Corona Vaccine) ল'বলৈ যাওতেই চোৰে লণ্ড-ভণ্ড কৰিলে গৃহস্থৰ ঘৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ টীয়কত দিন দুপৰতে সংঘটিত হ'ল চুৰিৰ ঘটনা। গৃহস্থ নথকাৰ সুযোগ লৈ দুখনকৈ ঘৰত চোৰে চলালে লুট-পাট।
ঘটনাটো সংঘটিত হৈছে টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চিপাহীখোলাত। শিৱনাথ শইকীয়া নামৰ ব্যক্তিজনৰ বাসগৃহত গৃহস্থ ক'ভিডৰ ভেকচিন ল'বলৈ যাওতেই দিন দুপৰতে চোৰে গ্ৰীল ভাঙি ঘৰত প্ৰবেশ কৰে আৰু আলমিৰা ভাঙি সকলো লণ্ড-ভণ্ড কৰে।
একে কাণ্ড সংঘটিত কৰিলে সমীপৰে ভানু শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰটো।কন্যাসহিতে কন্যাৰ কৰ্মৰত বিদ্যালয়লৈ যোৱাৰ সময়তে চোৰ প্ৰবেশ কৰে ঘৰৰ ভিতৰত।
কিন্তু চোৰৰ ভাগ্য বেয়া। সকলোবোৰ লণ্ড-ভণ্ড কৰে যদিও বেচেৰা চোৰে একো নাপালে। ঘূৰি আহি গৃহস্থই কাণ্ড দেখি অবাক হৈ পৰে যদিও ঘৰত একো মূল্যৱান সামগ্ৰী নৰখাৰ বাবেই চোৰে একোনিব নোৱাৰিলে। আজিকালি সচেতন গৃহস্থই ঘৰৰ আ-অলংকাৰ, অথবা টকা-পইচা ঘৰৰ আলমীৰাত নাৰাখে। সেয়ে গৃহস্থই ক'লে- চোৰকেইটা হয়তো আপডেট নহয়। অৱশ্যে দিন দুপৰতে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে চুৰি হোৱা ঘটনাই চিন্তিত কৰিছে স্থানীয় লোকসকলক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|