உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Sonari: সোণাৰিত জীয়েক-জোঁৱায়েকে মিলি নৃশংসভাৱে হত্যা কৰিলে পিতৃক, পলাতক দুই হত্যাকাৰী

    Sonari: সোণাৰিত জীয়েক-জোঁৱায়েকে মিলি নৃশংসভাৱে হত্যা কৰিলে পিতৃক, পলাতক দুই হত্যাকাৰী

     গোচৰ উঠাই নল'লে দিছিল হত্যাৰ ভাবুকি

    গোচৰ উঠাই নল'লে দিছিল হত্যাৰ ভাবুকি

    গোচৰ উঠাই নল'লে দিছিল হত্যাৰ ভাবুকি

    • Share this:
    চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৰ টিয়ক বঙালী গাঁৱত আজি সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই সমগ্র অঞ্চলটো জোকাৰি যায় । নিজৰ জীয়েক-জোঁৱায়েকে অতি নিৰ্মমভাৱে হত্যা কৰে বৃদ্ধ পিতৃক। ঘটনাৰ বিৱৰণী মতে, অঞ্চলটোৰ নিবাসী অকলশৰে থকা মুনুৰ আলী (৬৫) নামৰ লোকজনক সমীপতে বিবাহ হোৱা কন্যা লেকমিন বেগম আৰু তেওঁৰ স্বামী আলতাফ আলীয়ে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

    এই সন্দৰ্ভত যোৱা ৫ মে'ত বৃদ্ধগৰাকীয়ে সোণাৰি সদৰ আৰক্ষী থানাত নিজ কন্যা আৰু জোঁৱায়েকৰ বিৰূদ্ধে এখন এজাহাৰো দাখিল কৰিছিল। এই কথা জানিব পাৰি কন্যা আৰু জোঁৱায়েকে কালি দিনৰ ভাগত বৃদ্ধগৰাকীৰ ঘৰত উপস্থিত হৈ গোচৰ উঠাই নল'লে হত্যাৰ ভাবুকি দিয়ে।

    ইফালে আজি পুৱা বৃদ্ধগৰাকী বহু দেৰিলৈকে টোপনিৰ পৰা সাৰ নোপোৱাত চুবুৰীয়া কেইজনমান লোকৰ সন্দেহ ওপজে আৰু বৃদ্ধগৰাকীৰ ঘৰত উপস্থিত হৈ কাৰণ জানিব বিচাৰি ঘৰত প্ৰৱেশ কৰোঁতেই বৃদ্ধগৰাকীৰ মৃতদেহ তেজেৰে ৰাঙলী হৈ থকা প্রত্যক্ষ কৰে । লগে লগে ঘটনাৰ সংক্ৰান্তত সোণাৰি সদৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি শিৱসাগৰৰ জয়সাগৰস্থিত জিলা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    ইপিনে আজি পুৱাৰে পৰা বৃদ্ধ গৰাকীৰ কন্যা আৰু জোঁৱায়েকে ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱাত নিশাই লোকজনক হত্যা কৰি কুলাঙ্গাৰ জীয়েক-জোঁৱায়েকে পলায়ন কৰা বুলি আৰক্ষী নিশ্চিত হৈছে । আৰক্ষীয়ে পিতৃ হত্যাকাৰী কন্যা আৰু জোঁৱায়েকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

    আনহাতে এই ঘটনাই সমগ্ৰ সোণাৰি নগৰত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সচেতন মহলে এনে কুলাঙ্গাৰ সন্তানক আৰক্ষীয়ে আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।
    Published by:Gautam Barman
    First published: