মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ধুবুৰীত আৰক্ষীৰ গুলীত নিহত ডকাইত ছাইদাৰ আলী

ধুবুৰীত আৰক্ষীৰ গুলীত নিহত ডকাইত ছাইদাৰ আলী

News18 Assam | News18-Assam
Updated:September 12, 2021, 3:08 PM IST
ধুবুৰীত আৰক্ষীৰ গুলীত নিহত ডকাইত ছাইদাৰ আলী
৬জনীয়া ডকাইতৰ দলটো আহি আছিল বাইকত।

৬জনীয়া ডকাইতৰ দলটো আহি আছিল বাইকত।

  • News18 Assam
  • Last Updated: September 12, 2021, 3:08 PM IST
  • Share this:

ধুবুৰীৰ বিলাসীপাৰাত নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীচালনাত নিহত হয় এজন ডকাইত। ঘটনাৰ বিৱৰণী অনুসৰি, এটা ৬জনীয়া ডকাইতৰ দলে বাইকত আহি থকা অৱস্থাত আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীচালনা কৰে।


আৰক্ষীৰ গুলীচালনাত ডকাইতৰ দলটোৰ এজন সদস্য গুলীবিদ্ধ অৱস্থাত পৰি যায় যদিও বাকী ৫জন ডকাইত পলাই যায়। গুৰুতৰভাৱে আহত গুলীবিদ্ধ ডকাইতজনক  ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় বিলাসীপাৰা  আৰক্ষীয়ে।


 ধুবুৰী অসামৰিক চিকিৎসালয়তে ডকাইতজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। নিহত ডকাইতজনক ছাইদাৰ আলী বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে পূৰ্বে ধৃত ছাইদাৰ আলী ওৰফে বগাৰ নামত চাৰিটাকৈ ডকাইতি গোচৰ আছিল। বৰ্তমানে পলাই যোৱা আন পাঁচ   ডকাইতক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।

Published by: Gautam Barman
First published: September 12, 2021, 12:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি