মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »আৰক্ষীৰ গুলীত মৃত্যু ডকাইত শ্বাহ আলম তালুকদাৰৰ ! আমচিং অভয়াৰন্যৰ পৰিত্যক্ত ঘৰত আত্মগোপন কৰি আছিল শ্বাহ আলমে ...

আৰক্ষীৰ গুলীত মৃত্যু ডকাইত শ্বাহ আলম তালুকদাৰৰ ! আমচিং অভয়াৰন্যৰ পৰিত্যক্ত ঘৰত আত্মগোপন কৰি আছিল শ্বাহ আলমে ...

অভিযানকাৰী আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু ডকাইত শ্বাহ আলমৰ ৷ বুুুুকুত দুটাকৈ গুলী লাগিছিল শ্বাহ আলমৰ।

অভিযানকাৰী আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু ডকাইত শ্বাহ আলমৰ ৷ বুুুুকুত দুটাকৈ গুলী লাগিছিল শ্বাহ আলমৰ।

অভিযানকাৰী আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু ডকাইত শ্বাহ আলমৰ ৷ বুুুুকুত দুটাকৈ গুলী লাগিছিল শ্বাহ আলমৰ।

  • Share this:
অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ অৱশেষত মৃত্যু হ'ল আৰক্ষীৰ গুলীত ৷ বহুকেইটা ডকাইতি আৰু হত্যাৰে জড়িত শ্বাহ আলম তালুকদাৰে সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰাই বৃহস্পতিবাৰে নিশা পলায়ন কৰিছিল ৷

পলায়নৰ ২৪ঘন্টাৰ ভিতৰতে আমচিঙৰ ঘন জংঘলৰ মাজত এটা পৰিতক্ত ঘৰত শ্বাহ আলম আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাব যাওতেই  আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল শ্বাহ আলমে ৷ আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী কৰাত থিতাতে ঢলি পৰে শ্বাহ আলম ৷ দুটাকৈ গুলীয়ে বুকু ভেদ কৰে শ্বাহ আলমৰ ৷ শ্বাহ আলমৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল, এটা সজীৱ গুলী আৰু ৩টা খালী কাৰ্টিজ ৷ কিন্ত কেনেদৰে এটা নিশাৰ ভিতৰতে হাতত  ·২২পিষ্টল আহি পৰিল শ্বাহ আলমৰ হাতত? কিয় হাতত হেণ্ডকাফ নলগোৱাকৈ নিশা অভিযানত লৈ যোৱা হৈছিল শ্বাহ আলমৰ দৰে দুৰ্ধৰ্ষ ডকাইতক? পিছে এই সমূহ প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল আৰক্ষীৰ হাতত ৷ আৰক্ষীৰ হাতৰ পৰা শ্বাহ আলম পলোৱা সন্দৰ্ভত তদন্ত চলি থকা বুলি মন্তব্য আগবঢ়াই সুৰজিত সিং পানেচৰে ৷-ইপিনে পুৱা ৫বাজি ৫৫ মিনিটত চিকিৎসকে মৃত ঘোষণা কৰা শ্বাহ আলমৰ মৰোনোত্তৰ পৰীক্ষাৰ পিছতে মৃতদেহ গতাই দিয়া হয় পৰিয়ালক ৷

শেহতীয়া বাতৰি