মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »আৰক্ষীৰ বেহু ফালি পলায়ন দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ, আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ...

আৰক্ষীৰ বেহু ফালি পলায়ন দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ, আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাফসহ সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ...

স্মাৰ্ট আৰক্ষীৰ মুখত কালিমা সানি পলায়ন দুৰ্ধৰ্ষ ডকাইত শ্বাহ আলম তালুকদাৰৰ ৷ ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত হিচাপে যোৱা ৬ ফেৱৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বাহ আলম তালুকদাৰক ৷

  • Share this:

শ্বাহ আলমৰ লগত এই হত্যাকাণ্ডৰে জড়িত ৫অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদমেলযোগে ঘোষনা কৰিছিল নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ উপৰিও বহুকেইটা ডকাইতিৰে জড়িত ৰঞ্জিত বৰা আৰু আন ৪ সহযোগীক পৃথকে পৃথকে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ৷ দিছপুৰ আৰক্ষীৰ জিম্মাৰ সময়তে যোৱা ১০ফেব্ৰুৱাৰীত লকআপৰ ভিতৰতে আত্মহত্যাৰো চেষ্টা চলাইছিল শ্বাহ আলম তালুকদাৰে ৷ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে সাতগাওঁ আৰক্ষীয়ে এইবাৰ ৫দিনৰ জিম্মাত লৈছিল শ্বাহ আলম তালুকদাৰক ৷ সাতগাঁও থানা এলেকাৰ জুৱেলাৰী দোকানত সংঘটিত এক ডকাইতিৰো মাষ্টাৰমাইণ্ড আছিল শ্বাহ আলম ৷ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটোৰ সন্ধানত বৃহস্পতিবাৰে নিশা শ্বাহ আলমক লৈ সাতগাওঁ আৰক্ষীৰ এটা দল ওলাই গৈছিল বতাহঘূলিলৈ বুলি ৷ কিন্ত শুক্ৰবাৰে দুপৰীয়া সমগ্ৰ ঘটনা পোহৰলৈ অহাত হাহাকাৰ আৰক্ষীৰ ভিতৰচোৱাত ৷ একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে লগে লগে সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক কাৰণ দৰ্শোৱাৰ জাননী দিয়ে শীৰ্ষ আৰক্ষী বিষয়াই ৷ প্ৰশ্ন উঠিছে সাতগাওঁ থানাৰ ৮জনীয়া আৰক্ষী দলৰ বেহু ফালি কেনেদৰে পলায়ন কৰিব সক্ষম হ'ল শ্বাহ আলম? নে শ্বাহ আলম পলায়নৰ আঁৰতো আছে গভীৰ ৰহস্য ?

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি