• Home
  • »
  • News
  • »
  • crime
  • »
  • Dacoity in Hojai : গেলামালৰ দোকানিৰ কষ্টৰ ধন লুটিলে পালছাৰ বাইকত অহা ডকাইতে, ঘটনাস্থলীত সজীৱ গুলী উদ্ধাৰ

Dacoity in Hojai : গেলামালৰ দোকানিৰ কষ্টৰ ধন লুটিলে পালছাৰ বাইকত অহা ডকাইতে, ঘটনাস্থলীত সজীৱ গুলী উদ্ধাৰ

এখন পালছাৰ বাইকেৰে অহা অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত দুটা ডকাইতে কপিল উদ্দিন নামৰ ব্যৱসায়ীজনক বাট আগচি ধৰি বন্দুক দেখুৱাই কাঢ়ি লৈ যায় নগদ ২ লাখ ২০ হেজাৰ টকা।

এখন পালছাৰ বাইকেৰে অহা অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত দুটা ডকাইতে কপিল উদ্দিন নামৰ ব্যৱসায়ীজনক বাট আগচি ধৰি বন্দুক দেখুৱাই কাঢ়ি লৈ যায় নগদ ২ লাখ ২০ হেজাৰ টকা।

এখন পালছাৰ বাইকেৰে অহা অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত দুটা ডকাইতে কপিল উদ্দিন নামৰ ব্যৱসায়ীজনক বাট আগচি ধৰি বন্দুক দেখুৱাই কাঢ়ি লৈ যায় নগদ ২ লাখ ২০ হেজাৰ টকা।

  • Share this:
ৰাজ্যত পুনৰ চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। অস্ত্ৰধাৰী ডকাইতে (Dacoit) ব্যৱসায়ীৰ পৰা ধন লুট কৰি নিয়া ঘটনাই হোজাই (Hojai) মোৰাঝাৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মোৰাঝাৰৰ চাৰিংপথাৰত বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। ঘটনাৰ বিৱৰণীমতে মোৰাঝাৰ চাৰিংপথাৰ গাঁৱৰ বাসিন্দা বাবুৰ আলীৰ পুত্ৰ কপিল উদ্দিনে দীৰ্ঘদিন ধৰি আমজাৰ বজাৰত এখন গেলামালৰ দোকান দি নিজৰ ব্যৱসায় চলাই পৰিয়াাল পোহপাল দি  আহিছিল। একেদৰেই বুধবাৰে বজাৰখনত চলি থকা সাপ্তাহিক বজাৰ সমাপ্ত হোৱাৰ পিছত  কপিল উদ্দিনে নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ ওভতাৰ পথতে ডকাইতৰ দলটোৱে সংঘটিত কৰে ডকাইতি কাণ্ড।

এখন পালছাৰ বাইকেৰে অহা অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত দুটা ডকাইতে কপিল উদ্দিন নামৰ ব্যৱসায়ীজনক বাট আগচি ধৰি বন্দুক দেখুৱাই কাঢ়ি লৈ যায় নগদ ২ লাখ ২০ হেজাৰ টকা। প্ৰতক্ষ্যদৰ্শীয়ে জানিব দিয়া মতে এই ঘটনা সংঘটিত কৰি ডকাইতৰ দলটোৱে আমজাৰ বজাৰ হৈ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও ঘটনাৰ উমান পাই ৰাইজে ডকাইতৰ দলটোক ঘেৰি ধৰাৰ চেষ্টা কৰে। কিন্ত ডকাইতকেইটাই ৰাইজক বন্দুক দেখুৱাই পলায়ন কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত ব্যৱসায়ী কপিল উদ্দিনে মোৰাঝাৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত গোচৰ ৰুজু কৰি মোৰাঝাৰ আক্ষীয়ে আৰম্ভ কৰিছে  তদন্ত। এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চ্যলৰ।

ইপিনে আজি দুপৰীয়া আমজাৰ বজাৰৰ মাজমজিয়াত থকা ৰাস্তাৰ কাষতে 9mm পিষ্টলৰ এটা সজীৱ গুলী পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে  ঘটনাস্থলীত উপস্থিত হৈ পিষ্টলৰ গুলীটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে  তদন্ত ।বাতৰি লিখালৈকে ডকাইতৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published: