• Home
  • »
  • News
  • »
  • crime
  • »
  • ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত চিলনী চোৰৰ উপদ্ৰৱ! স্কুটী আৰোহী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত চিলনী চোৰৰ উপদ্ৰৱ! স্কুটী আৰোহী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

উল্লেখ্য যে,  পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। মৰাণজানৰ পৰা পিছ লৈছিল মহিলাগৰাকীৰ।

উল্লেখ্য যে,  পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। মৰাণজানৰ পৰা পিছ লৈছিল মহিলাগৰাকীৰ।

উল্লেখ্য যে,  পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। মৰাণজানৰ পৰা পিছ লৈছিল মহিলাগৰাকীৰ।

  • Share this:
    ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত চিলনী চোৰৰ উপদ্ৰৱ। স্কুটী আৰোহী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। কান্দি কান্দি শোকত ভাগি পৰিল মহিলাগৰাকী। বাইহাটা চাৰিআলিৰ গুনেশ্বৰী ডেকা কলিতা নামৰ মহিলাগৰাকীয়ে আত্মীয়ৰ সৈতে স্কুটীৰে ৰঙিয়ালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

    উল্লেখ্য যে,  পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। মৰাণজানৰ পৰা পিছ লৈছিল মহিলাগৰাকীৰ। আৰু চেপ্তিৰ পেট্ৰ'ল পাম্পৰ সন্মুখতে ডিঙিৰ পৰা চেইন টানি গতিয়াই দিয়ে মহিলাগৰাকীক। ফলত গুৰুতৰ ভাবে আহত হয় মহিলাগৰাকী।

    ঘটনা সংঘটিত কৰি  দুই দুৰ্বৃত্ত ৰঙিয়া অভিমুখে পলাই যায়। মহিলাগৰাকীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে গঢ়োৱা চেইন ডালৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী ।
    Published by:Himangshu Bhuyan
    First published: