দক্ষিণ কামৰূপৰ বিজয়নগৰত যোৱা ১ আগষ্টত দিন দুপৰতেই ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা দুই দুৰ্ধৰ্ষ অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা আৰু টফুকুল আলী ওৰফে টেকেলিক কৰায়ত্ত কৰিছিল পলাশবাৰী আৰক্ষীয়ে। দুই দুৰ্ধৰ্ষ অপৰাধী জড়িত আছিল আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ কাৰ্য্যতো।
পলাশবাৰী আৰক্ষীয়ে তদন্তৰ বাবে বৰদুৱাৰ লোহাৰঘাট অঞ্চললৈ লৈ গৈছিল বগাক। তাতেই পলাব খোজোতে আৰক্ষীয়ে ভৰিত গুলীয়াবলৈ বাধ্য হয় । সম্প্ৰতি GMCHলৈ প্ৰেৰণ কৰা হৈছে দুধৰ্ষ ডকাইত বগাক।
উল্লেখ্য যে ১ আগষ্টত বিজয়নগৰৰ ব্যৱসায়ী পৱন কুমাৰ আগৰৱালাক আক্ৰমণ কৰিছিল ডকাইত দুটাই। আগৰৱালাৰ দোকানত সোমাই পিস্তল টোৱাই হত্যাৰ ভাবুকি দি মাৰধৰ কৰিছিল। তাৰ পিছতে পলাশবাৰী আৰক্ষীয়ে দুদিন পূর্বে গ্ৰেপ্তাৰ কৰিছিল আক্ৰমণকাৰী আনোৱাৰ হুছেইন ওৰফে বগাক ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|