চাইবাৰ প্ৰৱঞ্চনা (Cyber Fraud)ৰ ভুক্তভোগী এতিয়া দেশৰ চুকে-কোণে। শেহতীয়াকৈ এল দম্পতীয়ে চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ ২১ লাখ ১৭ হাজাৰ টকা হেৰুৱাবলগা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি ভ্ৰমণৰ বাবে এটা পেকেজ ক্ৰয় কৰিবলৈ গৈ দম্পতীয়ে হেৰুৱালে এই বিশাল পৰিমাণৰ টকা। ক্ৰেডিট কাৰ্ড (Credit Card) কোম্পানী এটাৰ গ্ৰাহক সেৱা কাৰ্যবাহী হিচাপে তেওঁলোকক এজন প্ৰৱঞ্চকে এনেদৰে প্ৰতাৰণা কৰিলে। ৪০ বছৰীয়া ভুক্তভোগী ব্যৱসায়ীজন মুম্বাইৰ আন্ধেৰীৰ বাসিন্দা। খবৰ অনুসৰি তেওঁ এটা ফোন কল পাইছিল আৰু তাৰ পিছতে প্ৰৱঞ্চনাৰ বলি হৈছিল।
মাত্ৰ এক টকাত এটা বিলাসী ভ্ৰমণ পেকেজ (Travel Package) পাব বুলি কৈছিল ফোনত। ক্ৰেডিট কাৰ্ডত ১টকা অনলাইনযোগে (Online Fraud) প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল। ব্যৱসায়ীজনে তেওঁৰ সকলো গোপন তথ্য ব্যক্তিজনক দিছিল আৰু ক্ৰেডিট কাৰ্ডলৈ ১ টকা প্ৰেৰণ কৰিছিল। ইয়াৰ লগতে, মানুহজনে তেওঁৰ পত্নীৰ বেঙ্কিংৰ গোপন (Bank Details) তথ্য প্ৰৱঞ্চকজনক দিছিল। তেওঁ আৰক্ষীৰ আগত এনেদৰে প্ৰতাৰিত হৈছিল বুলি কয়।
পত্নীৰ ক্ৰেডিট কাৰ্ডত ১৪ লাখ টকাৰ লেনদেনৰ SMS পোৱাৰ পিছত তেওঁলোকে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল। ব্যৱসায়ীজনে পিছত গম পাইছিল যে তেওঁৰ একাউণ্ট (Bank Account)ৰ পৰাও ৭ লাখ টকাৰ লেনদেন কৰা হৈছিল।
ভুক্তভোগীজনে কয় যে তেওঁক ক্ৰেডিট কাৰ্ডখন প্ৰচেছিং কৰিবলৈ এটা লিংক (Link)ত ক্লিক কৰিবলৈ কোৱা হৈছিল। তাৰ পিছত কাৰ্ডৰ তথ্য বিচৰা হৈছিল আৰু শেষত তেওঁলোকক হোৱাটছএপ (WhatsApp)ত আধাৰ (Aadhaar Card) আৰু পেন কাৰ্ড (PAN Card)ৰ প্ৰতিলিপি প্ৰেৰণ কৰিবলৈও কোৱা হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|