গৌৰিসাগৰ আৰক্ষীয়ে ৯০/২০২২ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120(B) /379/411/353/34/ R/W SEC 7ৰ অধীনত গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক।
গৌৰিসাগৰ আৰক্ষীয়ে ৯০/২০২২ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120(B) /379/411/353/34/ R/W SEC 7ৰ অধীনত গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক।
উজনি অসমত চোৰাং তেল চুৰি আৰু অবৈধ সৰবৰাহ চক্ৰ সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে শিৱসাগৰৰ গৌৰিসাগৰত আৰক্ষীয়ে ৪৮ ড্ৰাম সন্দেহজনক খাৰুৱা তেল জব্দ কৰিবলৈ সক্ষম হয় । ৪৮ ড্ৰামত আছে প্ৰায় ৯,৬০০ লিটাৰ সন্দেহজনক খাৰুৱা তেল।
তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখী UP-32 QN-7217 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰে ৪৮ ড্ৰাম সন্দেহযুক্ত খাৰুৱা তেল।
খাৰুৱা তেলৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত চাৰিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰৰ লগতে জব্দ কৰিছে অবৈধ তথা ভুৱা চালান আৰু কেতবোৰ সামগ্ৰী।
গৌৰিসাগৰ আৰক্ষীয়ে ৯০/২০২২ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120(B) /379/411/353/34/ R/W SEC 7ৰ অধীনত গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক।
আৰক্ষীয়ে প্ৰথমে ট্ৰাক চালক অমৰজিৎ আৰু খালচি হাৰ্চ পল ক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লয় । ইয়াৰ পিছত এই দুয়োজনৰ ভাষ্যৰ ভিত্তিত তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে দয়া নিধান গুপ্তা আৰু প্ৰেম দৰ্শন সিং নামৰ লোকদুজনক।
আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়াৰ এটা গুদামত খাৰুৱা তেল সৰবৰাহৰ কৰণত ব্যৱহৃত কেতবোৰ সামগ্ৰীও জব্দ কৰিবলৈ হোৱা বুলি সদৰি কৰিছে। লক্ষ্যণীয় যে এমাহ পূৰ্বেও গৌৰিসাগৰ আৰক্ষীয়ে এখন ট্ৰাকত কঢ়িয়াই অনা ৩৫ ড্ৰাম খাৰুৱা তেল জব্দ কৰিবলৈ সক্ষম হৈছিল। প্ৰথমে জ্বলা মবিযল বুলি ফাঁকী দিছিল যদিও পিছত পৰীক্ষা কৰাত খাৰুৱা তেল বুলি নিশ্চিত হয়।
পুনৰ একেই কৌশল অৱলম্বন কৰি চোৰাং খাৰুৱা তেল সৰবৰাহ কৰি থকা কাণ্ডৰ সৈতে আৰু কোনো কোন জড়িত আছে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে সচেতন মহলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|