মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পুৱা লুট কৰিছিল ৫৬ হাজাৰ, সন্ধিয়া হোজাইত আৰক্ষীৰ গুলীত আহত অপৰাধী আকাশ যাদৱ

পুৱা লুট কৰিছিল ৫৬ হাজাৰ, সন্ধিয়া হোজাইত আৰক্ষীৰ গুলীত আহত অপৰাধী আকাশ যাদৱ

News18 Assam | News18-Assam
Updated:September 22, 2021, 9:42 PM IST
পুৱা লুট কৰিছিল ৫৬ হাজাৰ, সন্ধিয়া হোজাইত আৰক্ষীৰ গুলীত আহত অপৰাধী আকাশ যাদৱ
গুলীত আহত পশ্চিমবংগৰ আকাশ যাদৱক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

গুলীত আহত পশ্চিমবংগৰ আকাশ যাদৱক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

  • News18 Assam
  • Last Updated: September 22, 2021, 9:42 PM IST
  • Share this:

ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ হোজাই আৰক্ষীৰ গুলীত আহত হৈছে বহিঃৰাজ্যৰ দুৰ্ধৰ্ষ অপৰাধী আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।


জানিব পৰা মতে, আকাশ যাদৱে আজি পুৱা হোজাইত এগৰাকী ব্যক্তিৰ পৰা ৫৬ হাজাৰ টকা চুৰ কৰি পলায়ন কৰোঁতেই আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে আকাশৰ পৰা উদ্ধাৰ কৰে চুৰি ধনৰাশি। ইয়াৰ পিছতে আকাশ যাদৱক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ আৰক্ষীৰ এটা দলে লৈ অনাৰ পথত তেওঁ জাব্ৰাখোৱাত প্ৰস্ৰাৱ কৰাৰ চলেৰে পলায়নৰ চেষ্টা কৰে।


আৰক্ষীয়ে আকাশৰ দুয়োটা ভৰিতে গুলীচালনা কৰাত আকাশ যাদৱ পথৰ মাজতে ঢলি পৰে। ইয়াৰ পিছতে হোজাই আৰক্ষীৰ এটা দলে গুলীবিদ্ধ আকাশক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। গুলীবিদ্ধ আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালাৰ ঘৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত বুলি জানিব পৰা গৈছে।

Published by: Gautam Barman
First published: September 22, 2021, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি