মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Crime in Guwahati: মহানগৰীৰ লখিমীনগৰত তলামৰা ঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

Crime in Guwahati: মহানগৰীৰ লখিমীনগৰত তলামৰা ঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

 বিগত ২০ বছৰ ধৰি তেওঁ এই ঘৰত ভাৰাতীয়া ৰূপে বাস কৰিছিল। 

বিগত ২০ বছৰ ধৰি তেওঁ এই ঘৰত ভাৰাতীয়া ৰূপে বাস কৰিছিল। 

বিগত ২০ বছৰ ধৰি তেওঁ এই ঘৰত ভাৰাতীয়া ৰূপে বাস কৰিছিল। 

  • Share this:

পুনৰ মহানগৰীত অপৰাধ (crime in guwahati)। সোমবাৰে মহানগৰৰ লখিমী নগৰৰ চিন্ময় পথৰ এটা ঘৰত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ (deadbody found)। উদ্ধাৰকৃত মৃতদেহটো মিলন ছেত্ৰী নামৰ এজন যুৱকৰ।


সূত্ৰ মতে যোৱা ১৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। কিন্তু আজি দুৱাৰত তলামৰা অৱস্থাত থকা এটা ঘৰৰ ভিতৰত উদ্ধাৰ হয় নিৰুদ্দিষ্ট যুৱক ছেত্ৰীৰ মৃতদেহ। ৰং মিস্ত্ৰী ৰূপে জীৱন নিৰ্বাহ কৰা ছেত্ৰী হত্যাৰ বলি হোৱা বুলি সন্দেহ কৰা হৈছে। কিয়নো তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে তলাবন্ধ থকা ঘৰত।


জানিব পৰা মতে, ছেত্ৰীয়ে মহম্মদ আতাউৰ ৰহমান নামৰ এগৰাকী লোকৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল। বিগত ২০ বছৰ ধৰি তেওঁ এই ঘৰত ভাৰাতীয়া ৰূপে বাস কৰিছিল।  এনেস্থলত ছেত্ৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি  কৰিছে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি