உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Crime In Assam: অপৰাধীৰ ৰম্যভূমিত পৰিণত অসম, যোৱা ৬ বছৰত অসমত সংঘটিত ৯,৬৩৮টা ধৰ্ষণ আৰু ৩৪,২৮৩টা অপহৰণ কাণ্ড 

    Crime In Assam: অপৰাধীৰ ৰম্যভূমিত পৰিণত অসম, যোৱা ৬ বছৰত অসমত সংঘটিত ৯,৬৩৮টা ধৰ্ষণ আৰু ৩৪,২৮৩টা অপহৰণ কাণ্ড 

    আনহাতে চাইবাৰ অপৰাধৰ ক্ষেত্ৰখনতো পিচপৰি থকা নাই অসম, যোৱা ৬ বছৰত ১০৬৫১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে, গ্ৰেপ্তাৰ হৈছে ১৩৭৪জন 

    আনহাতে চাইবাৰ অপৰাধৰ ক্ষেত্ৰখনতো পিচপৰি থকা নাই অসম, যোৱা ৬ বছৰত ১০৬৫১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে, গ্ৰেপ্তাৰ হৈছে ১৩৭৪জন 

    আনহাতে চাইবাৰ অপৰাধৰ ক্ষেত্ৰখনতো পিচপৰি থকা নাই অসম, যোৱা ৬ বছৰত ১০৬৫১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে, গ্ৰেপ্তাৰ হৈছে ১৩৭৪জন 

    • Share this:
    সুদূৰপৰাহত যেন পৰিলক্ষিত হৈছে অসম চৰকাৰৰ অপৰাধমুক্ত অসম গঢ়াৰ সপোন। আৰক্ষীৰ বেষ্টনীৰ পৰা ‘পলায়ন’ৰ চেষ্টা কৰা অভিযুক্তৰ এজনৰ পিছত আনজনক গুলীয়াই মৰাৰ পাছতো অপৰাধী শংকিত হোৱা নাই।  একপ্ৰকাৰ  অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে সমগ্ৰ ৰাজ্য। এই কথা প্ৰতীয়মাণ হৈছে বিধানসভাত একাধিক বিধায়কৰ প্ৰশ্নৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা উত্তৰত (Crime In Assam)।

    গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) জনোৱা মতে, এপ্ৰিল ২০১৬ৰ পৰা ফেব্ৰুৱাৰী ২০২২লৈ অসমত ধৰ্ষণৰ গোচৰ ৰুজু (rape cases registered) হৈছে ৯,৬৩৮টা । একে সময়তে অপহৰণৰ গোচৰ ৰুজু হৈছে ৩৪,২৮৩টা । যোৱা ৬ বছৰত হত্যাৰ গোচৰ ৰুজু হৈছে ৬,১৯২ । সেই সময়ছোৱাত চুৰি কাণ্ড সংঘটিত হৈছে ৬৩১১১, ডকাইতি গোচৰ ৰুজু হৈছে ১,০৪৮ । যোৱা ৬ বছৰত বিজেপি শাসনকালত অপৰাধ সংঘটিত হৈছে ১,১৯,৮০০টা ।

    উল্লেখযোগ্য যে ২০১১ৰ পৰা ২০১৬ চনলৈ  অসমত অপৰাধ বাঢ়িল প্ৰায় ৪১ শতাংশ । সেই সময়ছোৱাত অসমত অপৰাধ গোচৰ ৰুজু হৈছিল ৮৫,২২৪ । কংগ্ৰেছৰ শেষৰ ৬ বছৰৰ কাৰ্যকালৰ তুলনাত ধর্ষণৰ গোচৰ বৃদ্ধি হ’ল ১২ শতাংশ । ২০১১ৰ পৰা ২০১৬লৈ অসমত ধর্ষণৰ গোচৰ ৰুজু হৈছিল ৮,৬২৯টা । ইফালে কংগ্ৰেছ শাসনৰ তুলনাত বিজেপি শাসনৰ যোৱা ৬টা বছৰত অপহৰণ কাণ্ড বৃদ্ধি হ’ল ৭ শতাংশ (crimes during the BJP regime in the last six years) ।

    আনহাতে চাইবাৰ অপৰাধৰ ক্ষেত্ৰখনতো পিছপৰি থকা নাই অসম। যোৱা ৬ বছৰত ১০,৬৫১টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে; গ্ৰেপ্তাৰ হৈছে ১৩৭৪জন।  ইয়াৰ বিপৰীতে ২০১১ চনৰ পৰা ২০১৬ চনৰ অন্তৰালত চাইবাৰ অপৰাধ হৈছিল ১৪৬৭টা আৰু গ্ৰেপ্তাৰ হৈছিল ১৬৪জন।  ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত ৰাজ্যত ১১৮৪টা হত্যা, ১১টা ধৰ্ষণ কৰি হত্যা, ১,৯২২টা ধৰ্ষণ আৰু ৩,৯০০টা যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে ।

    অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু AIUDFৰ বিধায়ক আমিনুল ইছলামৰ প্রশ্নৰ উত্তৰত সোমবাৰে এই তথ্যসমূহ সদৰী কৰে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    Published by:Gautam Barman
    First published: