உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Crime: ভয়ংকৰ ঘটনা! পত্নীয়ে আহি দেখিলে যে এজনী অৰ্ধ-উলংগ ছোৱালীৰ মৃতদেহ তেওঁৰ স্বামীৰ বিছনাত পৰি আছে

    Crime: ভয়ংকৰ ঘটনা! পত্নীয়ে আহি দেখিলে যে এজনী অৰ্ধ-উলংগ ছোৱালীৰ মৃতদেহ তেওঁৰ স্বামীৰ বিছনাত পৰি আছে

    আৰক্ষীৰ মতে, হত্যাকাৰীৰে মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।

    আৰক্ষীৰ মতে, হত্যাকাৰীৰে মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।

    আৰক্ষীৰ মতে, হত্যাকাৰীৰে মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।

    • Share this:
    পত্নী আত্মীয়ৰ ঘৰলৈ গৈ উভতি অহাৰ পিছত স্বামীৰ বিছনাত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। ঘটনাটো দিল্লীৰ বুৰাৰী অঞ্চলৰ। মৃতদেহ উদ্ধাৰ কৰা মহিলাগৰাকী আছিল অৰ্ধনগ্ন অৱস্থাত।

    প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে জনায় যে মহিলাগৰাকীক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল। শুকুৰবাৰে নিশা কৌশিক এনক্লেভ (Kaushik Enclave)ত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। ঘটনাটোৰ পিছৰে পৰা অট্টালিকাটোৰ বাসিন্দা অমনক বিচাৰি পোৱা হোৱা নাই (Half naked body of girl found in Burari area)।

    আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে, অভিযুক্ত অমনৰ পত্নী আৰু আত্মীয়সকল ঘৰত নথকাত (wife had gone to a relative’s house) ব্যক্তিজনে মহিলাগৰাকীক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। পিছত ঘৰলৈ নিশা যেতিয়া পত্নী উপস্থিত হয়, তেওঁ মহিলাগৰাকীৰ নগ্ন শৰীৰটো বিছনাত দেখা পায় আৰু হতভম্ব হৈ পৰে।

    আৰক্ষী বিষয়াই কোৱা মতে, "তেওঁৰ পত্নী এজন আত্মীয়ৰ ঘৰলৈ গৈছিল আৰু যেতিয়া তেওঁ নিশা ৮ বজাত ঘৰলৈ উভতি আহিছিল, তেওঁ ছোৱালীজনীৰ মৃতদেহটো অৰ্ধ-উলংগ অৱস্থাত পাইছিল। প্ৰিয়ংকাই তেতিয়া আৰক্ষীক খবৰ দিয়ে। "

    আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকী নাথুপুৰা অঞ্চলৰ বাসিন্দা বুলি জানিবলৈ দিয়ে। ভুক্তভোগীৰ পৰিয়ালক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে। আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, হত্যাকাৰীৰে মহিলাগৰাকীৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।
    Published by:Gautam Barman
    First published: