Cow Smuggling: গৰু সৰবৰাহৰ নতুন কৌশলেৰে আগে আগে এছকৰ্ট দি অহিছিল বিলাসী বাহনখন। বিলাসী বাহনৰ পিছে পিছে গৰু ভৰ্তি ১২ চকীয়া ট্ৰাকখন আহি আছিল।
Cow Smuggling: গৰু সৰবৰাহৰ নতুন কৌশলেৰে আগে আগে এছকৰ্ট দি অহিছিল বিলাসী বাহনখন। বিলাসী বাহনৰ পিছে পিছে গৰু ভৰ্তি ১২ চকীয়া ট্ৰাকখন আহি আছিল।
চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো ৰাজ্যত গো-ধনৰ অবৈধ সৰবৰাহ (Cow Smuggling) অব্যাহত আছে। কলিয়াবৰত পুনৰ আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি ট্ৰাক। গোপন খবৰৰ ভিত্তিত দেওবাৰে পুৱা বাগৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এখন গৰুভৰ্তি ১২ চকীয়া ট্ৰাক।
ডেৰগাঁৱৰ পৰা লংকা অভিমুখে AS-01-JC-9614 নম্বৰৰ জব্দকৃত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২২টা গৰু। ইফালে গৰুভৰ্তি (Cow Smuggling) ট্ৰাকখনক এছকৰ্ট দি অহা AS-01-BA -7742 নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰে বাগৰি আৰক্ষীয়ে।
গৰু জব্দ কৰাৰ লগতে হোজাইৰ আব্দুল হামিদ, কামাল হুছেইন, নিজাম উদ্দিন, আটিকুৰ ৰহমানৰ লগতে গোলাঘাটৰ জাকিৰ হুছেইন আৰু আনোৱাৰ হুছেইনক (Cow Smugglers) আটক কৰে আৰক্ষীয়ে। গৰু সৰবৰাহৰ নতুন কৌশলৰে আগে আগে এছকৰ্ট দি অহিছিল বিলাসী বাহনখন। বিলাসী বাহনৰ পিছে পিছে গৰু ভৰ্তি ১২ চকীয়া ট্ৰাকখন আহি আছিল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় দুয়োখন বাহনেই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|