গৰু-ম'হ চোৰ আৰু সৰবৰাহকাৰী (Cow Thief and Smuggler) এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে আৰক্ষীৰ বাবে। যোৱা কিছুদিনত আৰক্ষীৰ অভিযানত জব্দ হৈছে অবৈধ শ শ গৰু, ম'হ (Cow-Buffalo)। আটক হৈছে অবৈধ গৰু চোৰ আৰু সৰবৰাহকাৰী। কিন্তু ইমানৰ পিছতো গৰু-ম'হ চোৰৰ অতপালি কমা নাই। নিত্য নতুন কৌশলেৰে গৰু-ম'হ চুৰি কৰি আহিছে গৰু চোৰে। কেতিয়াবা যদি আলু বস্তাৰ তলত গৰু আনে কেতিয়াবা ধানখেৰৰ তলত লুকুৱাই গৰুৰ চোৰাং সৰবৰাহ কৰে। কিন্তু এইবাৰ যেন গৰু চোৰে সকলো অভিলেখ ভংগ কৰিলে। তেলৰ টেংকীত সুমুৱাই চোৰাং ম'হ সৰবৰাহৰ চেষ্টা কৰিছিল। এই কাণ্ড দেখি সকলোৱে হতভম্ব হৈ পৰিছে।
![]()
অসম-বংগ সীমান্তৱৰ্তী (Assam-West Bengal Border) শ্ৰীৰামপুৰত অবৈধভাৱে তেলৰ টেংকীৰ গাড়ীৰে নি থকা চোৰাং ম'হ (Buffalo Transported Hiding in Oil Tanker) জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। লগতে অবৈধ ম'হ ব্যৱসায়ৰ লগত জৰিত দুজনক আটক কৰে আৰক্ষীয়ে। পিছে চোৰাং সৰবৰাহকাৰীৰ এই কৌশল দেখি তবধ মানিছে আৰক্ষীয়েও।
![]()
আৰক্ষীৰ চকুত ধূলি দি ন ন কৌশল অৱলম্বন কৰি এনেদৰে চোৰাংকৈ গৰু-ম'হ সৰবৰাহৰ চেষ্টা কৰি আছে চোৰাং গৰুৰ ব্যৱসায়ীসকলে ৷ আজি গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে NRL পেট্ৰ'ল পাম্পত তেলৰ টেংকীৰ ভিতৰত ১০টা চোৰাং ম'হ কেইটা জব্দ কৰে।
এই ম’হকেইটা বিহাৰ (Bihar)ৰ কোহিনীৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ বাবে আনিছিল। HR-38-W-0191 নম্বৰৰ ম'হ ভৰ্তি তেলৰ টেংকাৰখন জব্দ কৰাৰ লগতে মোঃ বিলাল আৰু আশু নামৰ দুই সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত যুৱক দুজনৰ ঘৰ উত্তৰ প্ৰদেশ (Uttar Pradesh)ত বুলি জানিব পৰা গৈছে ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|