দেওবাৰে বিয়লি ঘাঁহীৰ ৰাইজে গৰুৰ চোৰাং ব্যৱসায়ৰে জৰিত এজনক প্ৰথমে কৰায়ত্ব কৰি উত্তম-মধ্যম দিয়ে ৷
দেওবাৰে বিয়লি ঘাঁহীৰ ৰাইজে গৰুৰ চোৰাং ব্যৱসায়ৰে জৰিত এজনক প্ৰথমে কৰায়ত্ব কৰি উত্তম-মধ্যম দিয়ে ৷
নগাঁৱত অব্যাহত আছে অবৈধ চোৰাং গৰুৰ বেহা ৷ পূৰ্বে আৰক্ষীৰ অভিযানত এই চোৰাং গৰুৰ বেহা পোহৰলৈ আহিছিল যদিও এইবাৰ ৰাইজে ধৰিলে তিনিটা গৰু চোৰ ৷ লগতে জব্দ কৰিলে চোৰাং গৰু সৰবৰাহ কৰা ট্ৰাক আৰু ২৬টা গৰু । নগাঁও জিলাৰ ঘাঁহিত সংঘটিত হৈছে এই ঘটনাটো ৷
দেওবাৰে বিয়লি ঘাঁহীৰ ৰাইজে গৰুৰ চোৰাং ব্যৱসায়ৰে জৰিত এজনক প্ৰথমে কৰায়ত্ব কৰি উত্তম-মধ্যম দিয়ে ৷ পিছত ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা চোৰাং ব্যৱসায়ৰে জড়িত জনক লৈ যোৱাৰ লগতে আন দুটা গৰু চোৰকো কৰায়ত্ব কৰে ৷ আৰক্ষীৰ সুত্ৰ মতে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-KC-1728.
তিনিচুকীয়াৰ পৰা ২৬টা গৰু লৈ অহা তিনিজনীয়া দলটো সোনাপুৰলৈ গৈ আছিল ৷ কৰায়ত্ব কৰা গৰু চোৰকেইটাৰ নাম হৈছে মুকেশ পানিকা, মেহদি আলম আৰু ট্ৰাক চালক হাইকুল ইছলাম ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|