ৰাজ্যত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান যিমান তীব্ৰ হৈছে সিমানেই যেন নতুন নতুন কৌশলেৰে গৰুৰ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং গৰু সৰবৰাহকাৰীয়ে। সময়ে সময়ে গৰু সৰবৰাহকাৰীয়ে যি আচৰিত কৌশলেৰে গৰু সৰবৰাহ কৰে তাকে দেখি যেন চকু কপালত উঠে আৰক্ষীৰো। এইবাৰ তেনে এক কাণ্ড ঘটিল বঙাইগাঁৱত।
এইবাৰ ট্ৰাকৰ ওপৰত খেৰ জাপি দি গৰু সৰবৰাহৰ চেষ্টা চোৰাং গৰু ব্যৱসায়ীৰ। বঙাইগাঁৱত চোৰাং গৰু ভৰ্তি ট্ৰাক এখন জব্দ কৰাৰ পিছতে এই কাণ্ড পোহৰলৈ আহে। বঙাইগাঁৱৰ বইটামাৰীত চোৰাং গৰু ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিছিল। চোৰাং ব্যৱসায়ীয়ে ট্ৰাকখনৰ ওপৰত খেৰ জাপি দি তলত গৰু লৈ আহিছিল ৷ আৰক্ষীৰ চকুত ধুলি দিয়াৰ বাবে চোৰাং গৰু ব্যৱসায়ীয়ে এই পন্থা গ্ৰহণ কৰিছিল।
উত্তৰ প্ৰদেশৰ পৰা ছাগলীয়া আন্তঃৰাজ্যিক তালাচী চকী পাৰ হৈ অসমত প্ৰৱেশ কৰা UP 21-BN-8214 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে । ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ২২টা গৰু জব্দ কৰে যদিও চালকে কোনো ধৰণৰ নথি-পত্ৰ আৰক্ষীক প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল । আৰক্ষীয়ে পশ্চিম বংগৰ কিষাণগঞ্জৰ নৌসাদ শ্বেখ, শ্বেখ অভি আৰু উত্তৰ প্ৰদেশৰ জাকিৰক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|