உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মৃত্যুৰ প্ৰমাণ পত্ৰৰ নামত ৫০০০ টকা ঘোচ লৈ গ্ৰেপ্তাৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নিৰীক্ষক

    মৃত্যুৰ প্ৰমাণ পত্ৰৰ নামত ৫০০০ টকা ঘোচ লৈ গ্ৰেপ্তাৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নিৰীক্ষক

    ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।  

    ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।  

    ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।  

    • Share this:

     জীৱিত লোকতো বাদেই মৃত লোকৰ বাবেই দিব লগা হয় উৎকোচ । উৎকোচ বিচৰা টকা লৈ হাতে-লোটে ধৰা পৰিল গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক। হয়, এই ঘটনা কামৰূপৰ ৰাণীৰ। ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ৫০০০ টকা উৎকোচ বিচাৰি দুৰ্নীতি নিবাৰক শাখাৰ হাতত  হাতে-লোটে ধৰা পৰিল হিতেশ ডেকা নামৰ গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক ( rural health examiner) ।


    ঘটনা অনুসৰি ৰাণীৰ  এজন লোকে আত্মীয়ৰ বাবে মৃতকৰ প্ৰমাণ পত্ৰ (Death Certificate) বনাবলৈ ৰাণীৰ সামূহিক চিকিৎসালয়ত আৱেদন কৰিছিল । তাৰ পিছতে প্ৰমাণ পত্ৰ বনোৱাৰ বাবদ চিকিৎসালয়খনৰে গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাই লোকজনৰ পৰা দাবী কৰি বিচাৰিছিল ৫০০০ টকা (Corruption for giving death certificates)।


    ইতিমধ্যে লোকজনে পূৰ্বে ২০০০ টকা দিছিল স্বাস্থ্য নিৰীক্ষকজনক । পিছত আজি পুনৰ বাকী থকা ৩০০০ টকা বিচৰাত দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance & Anti-Corruption) সহায়ত ঘোচ লৈ থকা অৱস্থাত ধৰা পেলাই স্বাস্থ্য নিৰীক্ষকগৰাকীক। ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰ ঘৰ শুৱালকুছিৰ ৰাজগড়ত । ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।


    আনহাতে স্বাস্থ্য নিৰীক্ষক ঘোচখোৰ হিতেশ ডেকাৰ সৈতে এই কাৰ্যত  কোনোধৰণে জড়িত নাই বুলি স্পষ্ট কৰে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ড০ ৰূমা শইকীয়াই।

    Published by:Gautam Barman
    First published: