নীলবাগান কোভিড হাস্পতালৰ পৰা শনিবাৰে নিশা পলায়ন কৰে কোভিড আক্ৰান্ত ৰোগী চোৰটোৱে হাস্পতালৰ সীমাৰ পিছফালে থকা বেৰ ভাঙি পলায়ন কৰে৷ । পলায়ন কৰা ৰোগী চোৰটো হোজাই কৃষ্ণনগৰৰ অশোক দাস বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিছে৷ অশোক দাস দুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ ভৰ্তি হৈছিল কোভিড চিকিৎসালয়খনত ৷ কোভিড হাস্পতালৰ একাংশ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰে যদিও একাংশ সাংবাদিকৰ তৎপৰতাত ৰোগীজন চিকিৎসালয়ৰ পৰা পলায়ন কৰা কথাটো অৱশেষত স্বীকাৰ কৰে৷ ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত সেই সময়ত কৰ্তব্যৰত চিকিৎসক সুহাদা লুতফাই এখন এজাহাৰ দাখিল কৰিছে ৷
মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ কিন্তু হাস্পতালত ৰোগী চোৰটোক ভৰ্তি কৰা সময়ত সঠিক তথ্য লিপিৱদ্ধ নকৰাত আৰক্ষীয়েও কোনো শুংসুত্ৰ লাভ কৰিবলৈ সমৰ্থ হোৱা নাই।