Large quantity of heroin seized: ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁৱৰ কাটিমাৰী।
Large quantity of heroin seized: ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁৱৰ কাটিমাৰী।
নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে অভিযান অব্যাহত ৰখাৰ পিছতো নগাঁৱত নিতৌ জব্দ হৈ আছে মাৰাত্মক হেৰ'ইন ( Large quantity of heroin seized)। নগাঁৱৰ কাটিমাৰীত আজি পুনৰ আৰক্ষী আৰু চিআৰপিএফে যুটীয়াভাৱে অভিযান চলাই এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে প্ৰায় ডেৰ লক্ষাধিক টকাৰ ড্ৰাগছ।
হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ( Drug Mafia) আবুল হুছেইন। জানিব পৰা মতে, এগৰাকী মহিলাক আবুলে হেৰ'ইনখিনি বিক্ৰী কৰাৰ বাবে আনিছিল। কিন্তু আৰক্ষী আৰু চিআৰপিএফৰ দলে অভিযান চলায় আবুলক হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ত জড়িত মহিলাগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|