
মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰৰ পিছতে ইছলামৰ বাসগৃহতো অভিযান চলায় ৷
মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰৰ পিছতে ইছলামৰ বাসগৃহতো অভিযান চলায় ৷
দৰমাহ মোকলাই দিয়াৰ নামত তলতীয়া কৰ্মচাৰীৰ পৰা উৎকোচ লৈ আজি দুপুৰীয়া মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হ'ল ধুবুৰীৰ সৰ্বশিক্ষাৰ ডিপিও আজাহাৰুল ইছলাম ৷ আজি দুপুৰীয়া ধুবুৰীৰ সৰ্বশিক্ষা জিলা মিছন সমন্বয়কৰ কাৰ্য্যালয়ৰ প্ৰগ্ৰেম বিষয়া আজাহাৰুল ইছলামে নিজৰ কাৰ্য্যালয়ৰ সমীপৰ এখন চাহৰ দোকানত তলতীয়া কৰ্মচাৰী এজনৰ দৰমাহ মোকলাই দিয়াৰ বাবে ২০ হেজাৰ টকাৰ উৎকোচ লয় ৷ ২০ হেজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পোলায় ৷
উল্লেখ্য যে ডি পি ও আজাহাৰুল ইছলামে বিৰুদ্ধে উৎকোচৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নিবাসী ডি পি ও আজাহাৰুল ইছলামে ধুবুৰীৰ ঝগৰাপাৰ এলেকাত এটা ঘৰ অলপতে ক্ৰয় কৰে ৷ আজি মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ দলে গ্ৰেপ্তাৰৰ পিছতে ইছলামৰ বাসগৃহতো অভিযান চলায় ৷ ডিপিও আজাহাৰুল ইছলাম নিজৰ পৰিচয় পত্ৰত উল্লেখ কৰা শিক্ষাগত অৰ্হতা B.Sc , B.A(Hons), M.A(ENG), D.El.Ed আৰু B.Ed লৈ সন্দিহান মূখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখা ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|