• Home
  • »
  • News
  • »
  • crime
  • »
  • এটা ছাগলীক কেন্দ্ৰ কৰি হাজোৰ বৰ্ণিত ৰক্তাক্ত পৰিবেশ, দুই পক্ষৰ মাৰপিটত আহত সাতজন।,

এটা ছাগলীক কেন্দ্ৰ কৰি হাজোৰ বৰ্ণিত ৰক্তাক্ত পৰিবেশ, দুই পক্ষৰ মাৰপিটত আহত সাতজন।,

এঘৰত এটা ছাগলীৰ প্ৰৱেশক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ মাজত সূত্ৰপাত হয় এই সংঘৰ্ষৰ।

এঘৰত এটা ছাগলীৰ প্ৰৱেশক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ মাজত সূত্ৰপাত হয় এই সংঘৰ্ষৰ।

এঘৰত এটা ছাগলীৰ প্ৰৱেশক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ মাজত সূত্ৰপাত হয় এই সংঘৰ্ষৰ।

  • Share this:
বৃহস্পতিবাৰে নিশা হাজোত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই সংঘৰ্ষত আহত হৈছে পুৰুষ মহিলাকে ধৰি ৭ গৰাকীকৈ লোক। হাজোৰ দক্ষিণ বৰ্ণিৰ আন্ধুপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা। নিশা দুই ফৈদৰ প্ৰচণ্ড মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ।

হাজোৰ দক্ষিণ বৰ্ণিৰ আন্ধুপাৰাৰ এঘৰত এটা ছাগলীৰ প্ৰৱেশক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ মাজত সূত্ৰপাত হয় এই সংঘৰ্ষৰ। আৰু তাৰ পাছতে তেজেৰে তুমৰলি দুয়োটা ফৈদৰ পুৰুষ মহিলাকে ধৰি ৭ গৰাকীকৈ লোক।

কেফেটুল্লা আলী নামৰ লোক জনৰ ছাগলী এটাক আজগৰ আলী নামৰ লোকজনৰ ঘৰত হত্যা কৰাৰ অভিযোগ লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। প্ৰথমে বাক-বিতণ্ডা আৰু তাৰ পিছত দা, লাঠীৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ। এই মাৰপিটত মহিলাকে ধৰিআহত হয় ৭ জন লোক।  হাজো বিষ্ণুৰামমেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ভৰ্তি কৰোৱা হ'ল দুয়োটা পক্ষৰ আঘাতপ্ৰাপ্ত লোককেইজনক।

দুয়োটা পক্ষই ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Published by:Manjumoni Borah
First published: