Crime : কেঁচু খান্দোতে ওলাল সাপ। গাঞ্জা বিচাৰি চলোৱা অভিযানত জব্দ লাখ টকাৰ মূল্যৱান চুৰি সামগ্ৰী।

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:41 PM IST
Crime : কেঁচু খান্দোতে ওলাল সাপ। গাঞ্জা বিচাৰি চলোৱা অভিযানত জব্দ লাখ টকাৰ মূল্যৱান চুৰি সামগ্ৰী।
আঠগাঁও অ'ভাৰব্ৰীজৰ তলত থকা ডেম্পত বহুদিন ধৰি মহিলাগৰাকীয়ে গাঞ্জা সৰবৰাহৰ লগতে চলাই গৈছিল চুৰি সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ অবৈধ ব্যৱসায়।

আঠগাঁও অ'ভাৰব্ৰীজৰ তলত থকা ডেম্পত বহুদিন ধৰি মহিলাগৰাকীয়ে গাঞ্জা সৰবৰাহৰ লগতে চলাই গৈছিল চুৰি সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ অবৈধ ব্যৱসায়।

  • Share this:
সোমবাৰে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOG আৰু ভৰলুমুখ আৰক্ষীয়ে কুমাৰপাৰা ৬ নং ৰে'ল লাইনৰ সমীপৰ এটা ডেম্পৰ মালিকৰ ঘৰত চলাইছিল অভিযান। গাঞ্জা থকাৰ খবৰ পাই চলাইছিল এই অভিযান। কুমাৰপাৰা মছজিদৰ নিচেই কাষতে থকা মহিলা এগৰাকীৰ ঘৰত অভিযান চলায়।

আৰক্ষীয়ে কিছু গাঞ্জাসহ নগদ ৫০ হাজাৰ টকা জব্দ কৰাৰ লগতে লক্ষাধিক টকাৰ চুৰি আ-অলংকাৰ, এটা মটৰ পাম্প আৰু দুচকীয়া বাহনৰ কেতবোৰ সা-সামগ্ৰী উদ্ধাৰ কৰে।

আঠগাঁও অ'ভাৰব্ৰীজৰ তলত থকা এই ডেম্পৰ নামত বহুদিন ধৰি মহিলাগৰাকীয়ে গাঞ্জা সৰবৰাহৰ লগতে চলাই গৈছিল চুৰি সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ অবৈধ ব্যৱসায়। SOGৰ দলটোৱে মহিলাগৰাকীক আটক কৰাৰ লগতে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
Published by: Manjumoni Borah
First published: June 7, 2021, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি