মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Assam Police : সহপাঠীৰ টাৰ্গেটত সহপাঠী, অপহৰণ কৰি বিচাৰিছিল ৪০ লাখ, আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেলত চাঞ্চল্যকৰ তথ্য

Assam Police : সহপাঠীৰ টাৰ্গেটত সহপাঠী, অপহৰণ কৰি বিচাৰিছিল ৪০ লাখ, আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেলত চাঞ্চল্যকৰ তথ্য

আজি আৰক্ষীৰ আয়ুক্তৰ সংবাদমেলৰ পিছতে বিশ্বজিৎ হাজৰিকাৰ ঘৰত কান্দোনৰ ৰোল উঠে।

আজি আৰক্ষীৰ আয়ুক্তৰ সংবাদমেলৰ পিছতে বিশ্বজিৎ হাজৰিকাৰ ঘৰত কান্দোনৰ ৰোল উঠে।

আজি আৰক্ষীৰ আয়ুক্তৰ সংবাদমেলৰ পিছতে বিশ্বজিৎ হাজৰিকাৰ ঘৰত কান্দোনৰ ৰোল উঠে।

  • Share this:

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি সংবাদ মেল সম্বোধন কৰি বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ৯ তাৰিখে মহানগৰীত সংঘটিত এক অপহৰণ কাণ্ডৰ বিষয়ে প্ৰকাশ কৰে। এই অপহৰণ কাণ্ড আছিল চাঞ্চল্যকৰ।


অক্টোবৰত হৈছিল নিৰুদ্দেশ
তথ্য অনুসৰি, বিশ্বজিৎ হাজৰিকা নামৰ এজন যুৱক ছয়মাইলৰ এখন ফাৰ্মাচীৰ পৰা ৰিক্সাৰে ঘৰলৈ গৈ থকা অৱস্থাত অক্টোবৰত নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশক লৈ পৰিয়াল উদ্বিগ্নতাৰ মাজত থকাৰ পিছতে বিশ্বজিতৰ পিতৃলৈ ফোন আহিছিল আৰু অপহৰণকাৰীয়ে ৪০ লাখ টকা ধন দাবী কৰিছিল। অপহৰণকাৰীয়ে লগতে হোৱাটছএপযোগে আঘাতপ্ৰাপ্ত বিশ্বজিতৰ ভিডিঅ' প্ৰেৰণ কৰিছিল পিতৃলৈ।


১ নৱেম্বৰত উদ্ধাৰ হয় এটা মৃতদেহ
ইয়াৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। ক্ৰাইম ব্ৰাঞ্চৰ নেতৃত্বত আৰক্ষীয়ে অনুসন্ধান কৰিলে অপহৰণকাৰীৰ। এনে সময়তে নেলীৰ আমগুৰিৰ কিলিং নদীত যোৱা ১ নৱেম্বৰত উদ্ধাৰ হয় এটা মৃতদেহ আৰু পৰীক্ষা কৰাৰ পিছত এয়া বিশ্বজিৎ হাজৰিকাৰেই মৃতদেহ বুলি জানিব পৰা যায়।



১২ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ বাউন্সাৰ প্ৰণৱ ৰংহাং
আৰক্ষীৰ তদন্তত ১২ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে প্ৰণৱ ৰংহাং নামৰ এজন লোকক। ইয়াৰ পিছতেই ওলাই পৰে ঘটনাৰ সবিশেষ। আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়া মতে, সহজ ধন ঘটাৰ উদ্দেশ্যে বন্ধুৱে মিলি কৰিছিল অপহৰণ। নেলীৰ এটা নৱনিৰ্মিত বাথৰুমত আবদ্ধ কৰি ৰাখিছিল বিশ্বজিতক। পাঞ্জাবাৰীৰ অজয় কলিতা আছিল সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড। আনহাতে এই ঘটনাত জড়িত আছিল কেইবাজনো। গুৱাহাটীৰ এটা পৰ্টেলত কাম কৰা বশিষ্ঠ দেৱজিৎ ডেকাই বিশ্বজিতৰ পিতৃলৈ প্ৰেৰণ কৰিছিল ভিডিঅ'। ইয়াৰ লগতে জালত পৰে বাউন্সাৰ প্ৰণৱ ৰংহাঙৰ বন্ধু সঞ্জয় কুমাৰ ভগত,পাৰশ ছেত্ৰী, ময়ূৰ নাথ।


স্কুলত একেলগে পঢ়া বন্ধুৱে কৰিছিল এই কাণ্ড
সহজতে টকা ঘটাৰ উদ্দেশ্যে প্ৰণৱৰ সৈতে পৰিকল্পনা কৰিছিল মাষ্টাৰমাইণ্ড অজয় কলিতাই। অজয়ে ইয়াৰ বাবে বাছি লৈছিল অংকুৰ ছেমিনাৰ নামৰ এখন স্কুলত একেলগে পঢ়া বিশ্বজিতক। ৰিক্সাৰে গৈ থকা অৱস্থাত ছলেৰে অপহৰণ কৰি নেলীলৈ লৈ গৈছিল বিশ্বজিতক। বিশ্বজিতক তাত হত্যা কৰি মৰাপাটৰ বস্তাত ভৰাই পেলায় দিছিল কিলিং নৈত ৷ গুৰুত্বপূৰ্ণ যে অজয় কলিতা বিশ্বজিৎ হাজৰিকাৰ সন্মুখৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল।


আজি আৰক্ষীৰ আয়ুক্তৰ সংবাদমেলৰ পিছতে বিশ্বজিৎ হাজৰিকাৰ ঘৰত কান্দোনৰ ৰোল উঠে। সংবাদমেলৰ পিছতহে পৰিয়ালটোৱে অপৰাধীকেইটাৰ বিষয়া জানিব পাৰে। এই ঘটনাই মহানগৰবাসীৰ বাবে উদ্বেগজনক ৰূপে পৰিগণিত হৈছে।

শেহতীয়া বাতৰি