ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ সন্দৰ্ভত আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত বৰাই গোটেই ঘটনাৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে আৰক্ষীৰ অনুসন্ধানৰ বিষয়ে সদৰী কৰে। বৰাই জানিবলৈ দিয়া মতে, বন্দনা কলিতা আৰু অমৰজ্যোতি দে'ৰ বিবাহ ১২ বছৰ পূৰ্বে বিবাহ হৈছিল। বন্দনাই নিজ ঘৰৰ অমতত বিবাহ হৈছিল অমৰজ্যোতি দে'ৰ সৈতে।
বন্দনা কলিতাই দিয়া স্বীকাৰোক্তি মতে, স্বামী অমৰ অলপ বোহেমিয়ান চৰিত্ৰৰ আছিল, সেৱন কৰিছিল নিচাযুক্ত দ্ৰব্য। বহু মহিলাৰ সৈতে বন্ধুত্ব আছিল অমৰৰ। এই কথাক লৈ বন্দনাৰ সৈতে কাজিয়াও হৈছিল। এইদৰে সংসাৰ চলি থকাৰ পিছত বন্দনাই জিম প্ৰশিক্ষকৰ প্ৰশিক্ষণ লয়। এইক্ষেত্ৰত তেওঁৰ শাহুৱেকেও সমৰ্থন আগবঢ়ায়। বন্দনাই প্ৰকাশ কৰা মতে, স্বামী আৰু বন্দনাৰ শাহুৱেকৰ মাজত সম্পৰ্ক ঠিক নাছিল। পিছলৈ শাহুৱেকেও তেওঁক সমৰ্থন দিয়া নাছিল।
বন্দনাৰ মানসিক অৱস্থা এনে এটা পৰ্যায়ত উপনীত হয় যে তেওঁ দুই বন্ধু ধনটি আৰু অৰূপৰ সৈতে এই পৰিয়ালটোৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰে। আৰু এনেদৰেই হত্যাৰ অভিসন্ধি ৰচনা কৰা হয়। অভিসন্ধি অনুসৰি দুই বন্ধুৰে মিলি বন্দনাই শাহুৱেকক ২৬ জুলাইত হত্যা কৰাৰ লগতে ১৭ আগষ্টক স্বামীক হত্যা কৰে।
আৰক্ষীয়ে হত্যাকাণ্ডৰ আচল কাৰণক লৈ এতিয়াও নিশ্চিতি দিয়া নাই, সেয়া সম্পত্তি নে বন্দনাৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে কৰা হৈছে নিশ্চিতভাৱে স্পষ্ট নহয়। এই দিশত তদন্ত চলাই যোৱাৰ কথা ব্যক্ত কৰে আৰক্ষী বিষয়া বৰাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।