অৱশেষত ৰঙাঘৰৰ আলহী হ'ল চিলিণ্ডাৰ চুৰিৰে মহানগৰীৰ বেতকুছিত সন্ত্ৰাস চলোৱা চোৰ...

News18 Assam | News18-Assam
Updated:June 8, 2021, 8:38 AM IST
অৱশেষত ৰঙাঘৰৰ আলহী হ'ল চিলিণ্ডাৰ চুৰিৰে মহানগৰীৰ বেতকুছিত সন্ত্ৰাস চলোৱা চোৰ...
গড়চুক আৰক্ষীৰ জালত এল.পি.জি. চিলিণ্ডাৰ চোৰ। ধৃত চোৰটোৰ নাম বিশ্বজিৎ বাছফৰ।

গড়চুক আৰক্ষীৰ জালত এল.পি.জি. চিলিণ্ডাৰ চোৰ। ধৃত চোৰটোৰ নাম বিশ্বজিৎ বাছফৰ।

  • Share this:
গড়চুক আৰক্ষীৰ জালত এল.পি.জি. চিলিণ্ডাৰ চোৰ। ধৃত চোৰটোৰ নাম বিশ্বজিৎ বাছফৰ। দুদিন পূৰ্বে বেতকুছিৰ ধনীৰাম পথৰ এখন গেলামালৰ দোকানৰ পৰা চুৰি হৈছিল ৩টাকৈ এল.পি.জি. চিলিণ্ডাৰ।

চুৰি ঘটনা সন্দৰ্ভত দোকানৰ গৰাকী জিনুজ্যোতি দেউৰীয়ে উক্ত দিনাই গড়চুক থানাত দাখিল কৰিছিল এক গোচৰ। উক্ত গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। এই অভিযানৰ পাছতেই আৰক্ষীয়ে আজি পল্টন বজাৰৰ পৰা চিলিণ্ডাৰসহ চোৰটোক আটক কৰে। ধৃত চোৰটোৰ ঘৰ ছয়গাঁৱৰ গৰুবজাৰৰ সমীপত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, চোৰটোৰ বিৰুদ্ধে গড়চুক থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৪/৩৮০ ধাৰাৰ অধীনত ৩৭৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে। ধৃত চোৰটো অঞ্চলটোত সংঘটিত আন বহুকেইটা চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহ।
Published by: Kokil Sarma
First published: June 8, 2021, 8:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি