দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় (Thelamara Revenue Circle)ৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ (Barenya Ranjan Barthakur) ৷ ভূমি ৰাজহ সেৱাৰ বিষয়াজন বৰঠাকুৰক আজি গ্ৰেপ্তাৰ কৰা হয়। কিছুদিন পূৰ্বে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল গুলজাৰ হুছেইন (Lat Mandal Guljar Hussain))গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি গ্ৰেপ্তাৰ হ'ল খোদ চক্ৰ বিষয়াজন।
উল্লেখ্য যে চৰকাৰে প্ৰস্তুত কৰা মাটিৰ দালালৰ তালিকাৰ পৰা দালালৰ নাম কৰ্তনৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল গুলজাৰ হুছেইন। এজন দালালৰ পৰা ধন নিবলৈ আহি গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল লাট মণ্ডল গুলজাৰ হুছেইন। গুলজাৰৰ গ্ৰেপ্তাৰৰ সময়তে এই কাৰ্যত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ জৰিত বুলিও চৰ্চা হৈছিল। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চক্ৰ বিষয়া বৰঠাকুৰক। গুৱাহাটীৰ কাহিলীপাৰাৰ পৰা ভিজিলেন্স এণ্ড এণ্টী কৰাপচন (
Directorate of Vigilance & Anti-Corruption, Assam)ৰ দলে গ্ৰেপ্তাৰ কৰে বৰঠাকুৰক।
উল্লেখ্য যে আৰক্ষীৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত এজন দালালৰ পৰা ৮ লাখ টকা দাবী কৰিছিল বিষয়া বৰঠাকুৰে। গুলজাৰে হুছেইনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে তেওঁ চক্ৰ বিষয়া বৰঠাকুৰৰ নিৰ্দেশতহে ধন নিবলৈ আহিছিল। ইয়াৰ পিছতে আজি বৰঠাকুৰক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে বৰেণ্য ৰঞ্জন বৰঠাকুৰ হৈছে প্ৰাক্তন IAS বিষয়া তথা ২১০০ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খোৱা সমাজ কল্যাণ সঞ্চালকালয় (Directorate of Social Welfare)ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দিলীপ বৰঠাকুৰ (Dilip Barthakur)ৰ পুত্ৰ৷ তদুপৰি গুৱাহাটীৰ বৰঠাকুৰ IAS একাডেমী (Barthakur IAS Academy) আৰু বৰঠাকুৰ JEE-NEET একাডেমীৰ প্ৰতিষ্ঠাপক ধৃত বৰেণ্য ৰঞ্জন বৰঠাকুৰ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|