News18 অসম নৰ্থইষ্টৰ বাতৰিৰ পিছত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈছে চৰকাৰ। আজি সংখ্যালঘু ছাত্ৰবৃত্তিত হোৱা ব্যাপক দুৰ্নীতিৰ তথ্য বিচাৰি নগাঁৱত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (CID)ৰ এটা দলে অভিযান চলায়।
CIDৰ দলটোৱে নগাঁও জিলাৰ কঠিয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত কঁচুৱা, নগাঁৱৰ জুৰীয়া, জুকাটি বজাৰ আৰু নগাঁও চহৰৰ সমীপৱৰ্তী কাৱৈমাৰীৰ লগতে কেইবাস্থানটো থকা বিভিন্ন বেংকৰ CSP (Customer Support Point)ত অভিযান চলোৱাৰ লগতে দুৰ্নীতিত জড়িত থকাৰ সন্দেহত ৯জন লোকক আটক কৰে। CIDৰ দলটোৱে CSPসমূহত তালাচী চলায়ই বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।
CIDৰ দলটোৱে কচুৱাৰ ছাইফুল ইছলাম, কামপুৰৰ হুছেইন আহমেদ, ছবিৰ আহমেদ, আল্লাউদ্দিন, আব্দুল ৱাহিদ, ৰুমী দাস, জুৰীয়াৰ মোস্তাক আহমেদ, জাজৰিৰ ইমৰাণ হুছেইন আৰু নগাঁৱৰ মৃণাল কোঁৱৰ নামৰ লোককেইজনক আটক কৰিছে। আটকাধীন লোকসকলৰ মাজত বেংকৰ চিএছপিৰ কৰ্মচাৰীৰ লগতে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰা লোকো আছে। অৱশ্যে ঘটনা সংক্ৰান্তত চিআইডিৰ দলটোৱে সংবাদ মাধ্যমক কোনো তথ্য প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত কেৱল মাত্ৰ News18 Assam Northeastত বাতৰি সম্প্ৰচাৰিত হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|