ড্ৰাগছ মুক্ত অসম কৰাৰ বাবে CIDৰ বিশেষ পদক্ষেপ ৷ যিকোনো লোকে নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈ আৰক্ষীক দিব পাৰিব ড্ৰাগছৰ তথ্য ৷ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷
বিগত দুটা বছৰত আৰক্ষীয়ে জব্দ কৰিছে কেইবা শ কোটি টকাৰ ড্ৰাগছ লগতে সহস্ৰাধিক সৰবৰাকাৰীক ৷ ইয়াৰ সমান্তাৰালকৈ অসম আৰক্ষী ২০২১ চনত আৰম্ভ কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে তথ্য দিয়াৰ বাবে মোবাইল app ৷ কিন্তু সেই app কোনো সহাৰি পোৱা নাছিল CID এ ৷ চলিত বৰ্ষৰ প্ৰথম ভাগৰ পৰা পুনৰ app টো লৈ কাম আৰম্ভ কৰিছিল CID এ ৷ বৰ্তমানলৈকে app টোৰ যোগেদি অহা তথ্যৰ ভিত্তিত ৫ টা গোচৰ ৰুজু কৰি ১০ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ১১ লাখ টকা মূল্যতকৈ অধিক ড্ৰাগছ ৷
এই app সাধাৰন লোকে google play store ৰ drugs free assam download কৰি ড্ৰাগছৰ সন্দৰ্ভত তথ্য দিব পাৰিব ৷ যি সকলে তথ্য দিব লোকৰ পৰিচয় সম্পূৰ্ণ গোপনীয় হিচাপে ৰখা হব ৷ চিআইডিৰ ফালৰ পৰা জনসাধাৰনলৈ আহ্বান app টো ব্যৱহাৰ কৰক আৰু ড্ৰাগছ মুক্ত অসম গঢ়াত অসম আৰক্ষীক সহায় কৰক ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 04, 2023, 21:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।