• Home
  • »
  • News
  • »
  • crime
  • »
  • Fake TET Teacher : মাজনিশাা পলায়ন কৰিও ৰক্ষা নহ'ল প্ৰণৱজ্যোতি নাথৰ, ভুৱা TET শিক্ষক নিযুক্তিৰ গোচৰত জালত পৰিল CIDৰ

Fake TET Teacher : মাজনিশাা পলায়ন কৰিও ৰক্ষা নহ'ল প্ৰণৱজ্যোতি নাথৰ, ভুৱা TET শিক্ষক নিযুক্তিৰ গোচৰত জালত পৰিল CIDৰ

ভুৱা TET শিক্ষক নিযুক্তি গোচৰত হোজাইত গ্ৰেপ্তাৰ হৈছে প্ৰণৱজ্যোতি নাথ

ভুৱা TET শিক্ষক নিযুক্তি গোচৰত হোজাইত গ্ৰেপ্তাৰ হৈছে প্ৰণৱজ্যোতি নাথ

Fake TET Teacher : ধৃত প্ৰণৱজ্যোতি নাথ সৰ্বশিক্ষা মিছনৰ হোজাই জিলাৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া বুলি জানিব পৰা গৈছে। চৰকাৰী বিষয়া হৈয়ো এনেদৰে ভুৱা নিযুক্তিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নাথৰ ক্ষেত্ৰত  চৰকাৰে আৰু কি কি  ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

  • Share this:
ভুৱা টেট শিক্ষক নিযুক্তি (Fake TET Teacher Appointment) দিয়া চক্ৰটোৰ বিৰুদ্ধে CIDয়ে ক্ষিপ্ৰ কৰি তুলিছে অভিযান। ইতিমধ্যে CIDৰ অভিযানত ইজনৰ পিছত সিজন অভিযুক্ত জালত পৰিছে । এইবাৰ হোজাইত জালত পৰিছে এই গোচৰত অভিযুক্ত প্ৰণৱজ্যোতি নাথ (Pranabjyoti Nath) নামৰ এজন লোক।

CID ৰ এটা দলে শুকুৰবাৰে নিশা হোজাই (Hojai)ত চক্ৰটোৰ সদস্যক বিচাৰি চলাইছিল অভিযান। CIDৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত অহা অভিযানকাৰী দলে হোজাই থানাৰ সমীপৰ শিৱবাৰী চাৰি নং ৱাৰ্ডৰ প্ৰণৱজ্যোতি নাথৰ ঘৰত চলায় অভিযান। প্ৰথমে CIDৰ অভিযানৰ উমান পাই অভিযুক্ত প্ৰণৱজ্যোতি নাথে আত্মগোপন কৰে যদিও পুৱতি নিশা CIDৰ দলে কৌশলেৰে অভিযুক্ত নাথক জালত পেলাবলৈ সক্ষম হয়।

ইয়াৰ পিছত অভিযানকাৰী CIDৰ দলে নাথক গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে  গুৱাহাটীলৈ নিয়ে। লক্ষণীয় যে ধৃত নাথ ভুৱা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হোৱা ধনৰ লেনদেনত জড়িত বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা বুলি জনা গৈছে।

ধৃত প্ৰণৱজ্যোতি নাথ সৰ্বশিক্ষা মিছনৰ হোজাই জিলাৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া বুলি জানিব পৰা গৈছে। চৰকাৰী বিষয়া হৈয়ো এনেদৰে ভুৱা নিযুক্তিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নাথৰ ক্ষেত্ৰত  চৰকাৰে আৰু কি কি  ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।
Published by:Manjumoni Borah
First published: