চিৰাং আৰক্ষীৰ অভিযানত ধালিগাঁৱত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠন এনএলএফবিৰ কেডাৰ...

News18 Assam | News18-Assam
Updated:June 7, 2021, 9:33 AM IST
চিৰাং আৰক্ষীৰ অভিযানত ধালিগাঁৱত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠন এনএলএফবিৰ কেডাৰ...
চিৰাঙত নৱ গঠিত উগ্ৰপন্থী সংগঠন এনএলএফবিৰ সদস্য আৰু লিংকমেন গ্ৰেপ্তাৰ ৷ 

চিৰাঙত নৱ গঠিত উগ্ৰপন্থী সংগঠন এনএলএফবিৰ সদস্য আৰু লিংকমেন গ্ৰেপ্তাৰ ৷ 

  • Share this:
চিৰাঙত গ্ৰেপ্তাৰ এনএলএফবিৰ সদস্য আৰু লিংকমেন ৷ ধৃত সদস্যজন দৈমু নাৰ্জাৰী ওৰফে এন দুলাৰায় ৷ প্ৰাক্তন  এনডিএফবি(এছ)ৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্যজনৰ ঘৰ উত্তৰ ৰৌমাৰীত ৷

আনহাতে , আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ইন্দ্ৰজিত দৈমাৰী ওৰফে বি ইৰাকদাও নামৰ লিংকমেন ৷ লিংকমেনজনৰ ঘৰ ধালিগাঁৱৰ সুদেমপুৰীত ৷ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানত ধালিগাঁৱৰ পৰা দুয়োকে কৰায়ত্ত কৰে ৷ দুয়োজনে নৱগঠিত উগ্ৰপন্থী সংগঠনটোৰ সদস্য ভৰ্তিৰ লগতে  ধন সংগ্ৰহত জৰিত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Published by: Kokil Sarma
First published: June 7, 2021, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি