• Home
  • »
  • News
  • »
  • crime
  • »
  • চিৰাঙৰ বিজনীত চাঞ্চল্যকৰ ঘটনা ! শুই থকা অৱস্থাতে কোনোবাই হত্যা কৰিলে নেকি চিকিৎসাকৰ্মীক ?

চিৰাঙৰ বিজনীত চাঞ্চল্যকৰ ঘটনা ! শুই থকা অৱস্থাতে কোনোবাই হত্যা কৰিলে নেকি চিকিৎসাকৰ্মীক ?

শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ দ্বীপেন্দ্ৰ বসুমতাৰী (৩৯) নামৰ লোকজনৰ। কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত আছিল নিহত দ্বীপেন্দ্ৰ বসুমতাৰী।

  • Share this:
চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত চাৰাংগুৰীত চাঞ্চল্যকৰ ঘটনা।নিজ গৃহতে শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ দ্বীপেন্দ্ৰ বসুমতাৰী (৩৯) নামৰ লোকজনৰ। কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত আছিল নিহত দ্বীপেন্দ্ৰ বসুমতাৰী।

ঘৰত কোনো নথকাৰ সুযোগত দুষ্কৃতিকাৰীয়ে দ্বীপেন্দ্ৰক চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰি হত্যা কৰাৰ আশংকা পৰিয়ালৰ লোকৰ। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। মৃতদেহৰ কাষত এখন সৰু খুকুৰী উদ্ধাৰ কৰে।পাছত আৰক্ষীয়ে খুকুৰীসহ কেইবিধমান সামগ্ৰী জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।উল্লেখ্য যে মৃত দ্বীপেন্দ্ৰ বৃদ্ধ মাতৃসহ ঘৰত থাকে।ছয়বছৰ আগতে বিবাহ পাশত আবদ্ধ হয় যদিও পত্নী প্ৰায় তিনিমাহ ধৰি পাণবাৰীৰ মাতৃগৃহত আছে।
Published by:Kokil Sarma
First published: