চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ, অভিযান কালত আটক ড্ৰাগছ ব্যৱসায়ী ৷ বিজনীৰ কাৱাটিকাত আৰক্ষীয়ে অভিযান চলাই মচিওৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে ৷
ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত চলোৱা এই অভিযানকালত যুৱকজনৰ ঘৰত অভিযান চলাই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 29, 2021, 13:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।