• Home
  • »
  • News
  • »
  • crime
  • »
  • Child kidnapper Caught : মহানগৰীৰ এটি দম্পতীৰ সাহসিকতাৰ বাবে জালত শিশু অপহৰণকাৰী

Child kidnapper Caught : মহানগৰীৰ এটি দম্পতীৰ সাহসিকতাৰ বাবে জালত শিশু অপহৰণকাৰী

শিশুটিৰ পিতৃয়ে সাহসিকতাৰে হাতেলোটে ধৰে অপহৰণকাৰী অভিজিৎ সেন গুপ্তাক

শিশুটিৰ পিতৃয়ে সাহসিকতাৰে হাতেলোটে ধৰে অপহৰণকাৰী অভিজিৎ সেন গুপ্তাক

শিশুটিৰ পিতৃয়ে সাহসিকতাৰে হাতেলোটে ধৰে অপহৰণকাৰী অভিজিৎ সেন গুপ্তাক

  • Share this:

মহানগৰীৰ মাজমজিয়াত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা ৷ মাতৃৰ সন্মুখৰ পৰাই নিজৰ একমাত্ৰ ৫ বছৰীয়া কন্যা সন্তানক অপহৰণৰ চেষ্টা এজন যুৱকৰ৷ সেয়া আছিল শনিবাৰৰ সন্ধিয়া ৬ বজাৰ ঘটনা ৷ স্থান ছুপাৰমাৰ্কেট। কন্যা সন্তানক লৈ মাতৃয়ে বজাৰ কৰিব যোৱাৰ সময়তে সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা ৷


কোনোমতে মাতৃয়ে কন্যাক লৈ সেই স্থানৰ পৰা অটো লৈ ঘৰলৈ ঘূৰি আহে যদিও পুনৰ সেই যুৱকজনে অনুসৰণ কৰি ঘৰৰ সন্মুখভাগ পাইহি৷


সেই সময়তে কন্যাগৰাকীৰ পিতৃয়ে সাহসিকতাৰে যুৱকজনক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ যুৱকজনে নিজকে অভিজিৎ সেন গুপ্তা বুলি পৰিচয় দিয়ে যদিও এই মুহূৰ্তলৈ কোনো প্ৰকৃত ঠিকনা পোৱা নাই অভিজিৎ সেন গুপ্তাৰ ৷ সকলো অভিভাৱককে উদ্বিগ্ন কৰিব পৰা এই ঘটনাক লৈ সঠিক তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে সচেতন মহলে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি