• Home
  • »
  • News
  • »
  • crime
  • »
  • চকলেট দিয়াৰ ছলেৰে কৰে অপহৰণ, মৰিগাঁৱত বৃদ্ধি পাইছে শিশু অপহৰণকাৰী, তৎপৰ আৰক্ষী প্ৰশাসন

চকলেট দিয়াৰ ছলেৰে কৰে অপহৰণ, মৰিগাঁৱত বৃদ্ধি পাইছে শিশু অপহৰণকাৰী, তৎপৰ আৰক্ষী প্ৰশাসন

শিশু অপহৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এক সজাগতা সভাৰ আয়োজন কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷

শিশু অপহৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এক সজাগতা সভাৰ আয়োজন কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷

শিশু অপহৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এক সজাগতা সভাৰ আয়োজন কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷

  • Share this:

জাগীৰোডত দৈনিক বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা৷ কেতিয়াবা যদি ড্ৰাগছৰ ব্যৱসায়ী, কেতিয়াবা আকৌ শিশু অপহৰণৰ দৰে ঘটনা৷ সম্প্ৰতি জাগীৰোডত সংঘটিত হোৱা তিনিটাকৈ শিশু অপহৰণৰ ঘটনাই শংকিত কৰি তুলিছে অভিভাৱক তথা জাগীৰোডৰ সচেতন মহলক ৷


News18 অসম/নৰ্থইষ্টৰ ধাৰাবাহিক বাতৰিৰ পিছতে তৎপৰতা অৱলম্বন কৰিছে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনে ৷ শিশু অপহৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে এক সজাগতা সভাৰ আয়োজন কৰে মৰিগাঁও জিলা প্ৰশাসনে ৷


জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত এই সভাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই সকলো অভিভাৱককে সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ লগতে কোনো অচিনাকি ব্যক্তিৰ পৰা দূৰৈত থকাৰ উপৰি চকলেট আদি কোনো খাদ্যবস্তু অচিনাকি লোকৰ পৰা গ্ৰহণ নকৰিবলৈ শিশুসকলক আহ্বান জনায় ৷


লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে শিশু অপহৰণৰ সকলো গোচৰ পঞ্জীয়ন হোৱাৰ সমান্তৰালকৈ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অপৰাধীৰ বিৰুদ্ধে প্ৰতিটো মুহুৰ্ততে আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ লগতে যিকোনো অপৰাধজনিত কাৰণৰ বাবে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সৈতে ক্ষিপ্ৰতাৰে যোগাযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷


সভাত উপস্থিত থাকি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই কয় যে কেতিয়াবা বহু লোকে সামগ্ৰী কিনাবেচা কৰাৰ নামত গ্ৰামাঞ্চলত প্ৰৱেশ কৰে আৰু সুযোগ বুজি বিভিন্ন অপৰাধজনিত কাৰ্য সংঘটিত কৰে ৷ তেনে সন্দেজনক লোক প্ৰত্যক্ষ কৰিলে তেওঁলোকৰ ওপৰত নজৰ ৰখাৰ লগতে আইন হাতত তুলি নলৈ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায় ৷


আনহাতে সম্প্ৰতি মৰিগাঁও জিলাখনত আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু ২৪ ঘন্টাই আৰক্ষীৰ টহলৰ ব্যৱস্থা কৰা হৈছে বুলিও সভাত উপস্থিত ৰাইজক অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এনে ঘটনা প্ৰতিহত কৰিবলৈ বিশেষকৈ গ্ৰামাঞ্চলসমূহত গাঁওৰক্ষী বাহিনীৰ লোকসকলকো সচেতন হৈ আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনায় ৷

Published by:Gautam Barman
First published: