உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • প্ৰৱঞ্চকৰ কবলৰ পৰা সাৰি নগ'ল শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকো, কৌতুক অভিনেতা টিং টঙৰ পৰা লুটিলে ৩ হাজাৰ

    প্ৰৱঞ্চকৰ কবলৰ পৰা সাৰি নগ'ল শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকো, কৌতুক অভিনেতা টিং টঙৰ পৰা লুটিলে ৩ হাজাৰ

    নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি চৰকাৰী ধন দিয়াৰ নামত প্ৰৱঞ্চনা শাৰীৰিকভাৱে বাধাগ্ৰস্ত টি টঙক

    নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি চৰকাৰী ধন দিয়াৰ নামত প্ৰৱঞ্চনা শাৰীৰিকভাৱে বাধাগ্ৰস্ত টি টঙক

    নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি চৰকাৰী ধন দিয়াৰ নামত প্ৰৱঞ্চনা শাৰীৰিকভাৱে বাধাগ্ৰস্ত টি টঙক

    • Share this:

    টিং টং৷ এসময়ত সকলোৰে বাবে পৰিচিত এটা নাম৷ বহু অসমীয়া ভিচিডিত কৌতুক অভিনেতা হিচাপে অভিনয় কৰি ৰাইজৰ মন জয় কৰা এইগৰাকী টিং টং আজি অসহায়। ২০১৭ চনৰে পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে টিং টংঙে ৷


    কিন্তু শেহতীয়াকৈ প্ৰৱঞ্চনাৰ বলি হ'বলগীয়া হ'ল এইগৰাকী টিং টং (Cheating) ৷ নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দি এইজন ব্যক্তিলৈ এটা ফোনকল আহিল। চৰকাৰী পুঁজিৰ পৰা সহায়ৰ বাবে ৪ লাখ টকা আগবঢ়াব বুলি কৈ বিচৰা হ'ল সকলো নথি ৷ শেষত নথিৰ খেলি-মেলিৰ বাবে ১ লাখ টকাহে চৰকাৰী সাহায্য লাভ কৰিব বুলি অৱগত কৰা হ'ল টিংটঙক ৷ কিন্তু তাৰ বাবদ ৩ হাজাৰ টকা এটা idbi বেংকৰ  1881104000045906 নম্বৰৰ একাউন্টত দিবলৈ কোৱা হ'ল টিং টঙক ৷


    কথা মতে জ্যোতিস্মিতা ডেকা নামৰ মহিলাগৰাকীৰ নামত থকা IDBI বেংকৰ এই 1881104000045906 একাউন্ট নম্বৰত অনলাইনযোগে ভৰাই দিয়ে ৩ হাজাৰ টকা। কিন্তু টকা লাভ কৰাৰ পিছতে সুৰ সলনি হয় নিজকে চৰকাৰী বিষয়া বুলি পৰিচয় দিয়া এই প্ৰৱঞ্চকটোৰ ৷ ওলোটাই টিং টঙক ধমকহে দিব ধৰে এই প্ৰৱঞ্চকটোৱে ৷


    উপায়হীন টিং টঙে অৱশেষত কাষ চাপে দিছপুৰ আৰক্ষীৰ ৷ টিং টঙৰ দৰে শাৰীৰিকভাৱে অক্ষম লোকজনো (Cheated to a physically disabled person) যেতিয়া প্ৰৱঞ্চকৰ টাৰ্গেট  হ'ব পাৰে, তেন্তে ভাবক আৰু কিমান তললৈ নামিব পাৰে এইসকল প্ৰৱঞ্চক ৷

    Published by:Gautam Barman
    First published: