মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Dream Girl: চিনেমাৰ দৰেই কাহিনী ! বহু যুৱকক বিয়াৰ প্ৰস্তাৱেৰে প্ৰেমত পেলাই একাউণ্ট খালী কৰে Dream Girl এ...

Dream Girl: চিনেমাৰ দৰেই কাহিনী ! বহু যুৱকক বিয়াৰ প্ৰস্তাৱেৰে প্ৰেমত পেলাই একাউণ্ট খালী কৰে Dream Girl এ...

News18 Assam | News18-Assam
Updated:September 23, 2021, 11:03 AM IST
Dream Girl: চিনেমাৰ দৰেই কাহিনী ! বহু যুৱকক বিয়াৰ প্ৰস্তাৱেৰে প্ৰেমত পেলাই একাউণ্ট খালী কৰে Dream Girl এ...
বাতৰি কাকতত পাত্ৰৰ সন্ধানত বিজ্ঞাপন দি প্ৰথমে যুৱকৰ সৈতে বাৰ্তালাপ, তাৰ পিছত প্ৰেমত পৰা যুৱকৰ একাউণ্ট খালী কৰা এই "ড্ৰীম গাৰ্ল"ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বাতৰি কাকতত পাত্ৰৰ সন্ধানত বিজ্ঞাপন দি প্ৰথমে যুৱকৰ সৈতে বাৰ্তালাপ, তাৰ পিছত প্ৰেমত পৰা যুৱকৰ একাউণ্ট খালী কৰা এই "ড্ৰীম গাৰ্ল"ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: September 23, 2021, 11:03 AM IST
  • Share this:
আয়ুস্মান খুৰানাৰ জনপ্ৰিয় ছবি ড্ৰীম গাৰ্ল আপুনি নিশ্চয় উপভোগ কৰিছে। সেই ছবিখনৰ দৰেই এটি কাহিনী। বাতৰি কাকতত পাত্ৰৰ সন্ধানত বিজ্ঞাপন দি প্ৰথমে যুৱকৰ সৈতে বাৰ্তালাপ, তাৰ পিছত প্ৰেমত পৰা যুৱকৰ একাউণ্ট খালী কৰা এই "ড্ৰীম গাৰ্ল"ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

পিছে এই ড্ৰীম গাৰ্ল কোনো সুন্দৰী যুৱতী নহয়, বৰঞ্চ এগৰাকী ঠগ যুৱক। জিনু মহানন্দ নামৰ এই প্ৰৱঞ্চক যুৱকজনে প্ৰথমে বিয়াৰ বাবে দৰা বিচাৰি কাকতত বিজ্ঞাপন দিয়ে আৰু তেঁওৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কয়। ইয়াৰ পিছতে কইনা বিচাৰি হাবাথুৰি খোৱা যুৱকক বিভিন্ন মিছা কথাৰে ধন বিচাৰে আৰু যুৱকৰ একাউণ্ট খালী হোৱাৰ পিছত সেইজন যুৱকক এৰি অন্য যুৱকক জালত  পেলাই। ইতিমধ্যে চত্তীশগড়ৰ ৰায়গড়ৰ পৰা জিনুক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, জিনুৱে ইণ্টাৰনেট আৰু ইউটিউবৰ পৰা ছোৱালীৰ কণ্ঠশ্বৰ অনুশীলন কৰিছিল। গুৰুগ্ৰামৰ কৰুণা ডুবে নামৰ এজন যুৱকে চত্তীশগড় আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰা অভিযোগৰ ভিত্তিত জিনুক গ্ৰেপ্তাৰ কৰা হৈছে।



জিনুৱে দীৰ্ঘদিন ধৰি মহিলাৰ কণ্ঠশ্বৰত কৰুণাৰ সৈতে কথা পাতিছিল। বিয়াত বহাৰ প্ৰতিশ্ৰুতিৰে জিনুৱে বিভিন্ন অসুবিধাৰ কথা কৈ কৰুণাৰ পৰা ৬০হাজাৰ টকা আদায় কৰিছিল। কিন্তু এবাৰ জিনুৱে আত্মীয়ৰ চিকিৎসাৰ নামত ৩লাখ টকা বিচৰাত কৰুণাই সেই টকা যোগাৰ কৰিব নোৱাৰে। কিছূদিন পিছতে কৰুণাৰ সৈতে জিনুৱে যোগাযোগ বিচ্ছিন্ন কৰে। প্ৰেয়সীৰ কোনো যোগাযোগ নাপায় কৰুণা আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে সেই নম্বৰটো জিনু মহানন্দ নামৰ এজন যুৱকৰ বুলি নিশ্চিত কৰে। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে জিনুয়ে নম্বৰ সলনি কৰি এনেদৰে বহু যুৱকক প্ৰৱঞ্চনা কৰিছে। কৰুণাক প্ৰৱঞ্চনা কৰাৰ পিছত জিনুয়ে পুনৰ বিলাসপুৰৰ অন্য এজন যুৱকক প্ৰবঞ্চনা কৰাৰ চেষ্টা কৰে। পিছে আৰক্ষীৰ দলে জিনুক বিলাসপুৰত গ্ৰেপ্তাৰ কৰাত জিনুৰ প্ৰবঞ্চনাৰ অধ্যায়ৰ ইয়াতে অন্ত পৰে। ইতিমধ্যে আৰক্ষীৰ জেৰাত জিনুৱে বহু যুৱকক প্ৰবঞ্চনা কৰাৰ অভিযোগ স্বীকাৰ কৰিছে।
Published by: Kokil Sarma
First published: September 23, 2021, 11:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি