ৰাজ্যত অব্যাহত আছে অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়। চৰাইদেউ জিলাৰ সাপেখাতি, সোণাৰি, বৰহাট আদি অঞ্চলত অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায় কৰি আছে একাংশ সমাজবিৰোধী লোকে।
মুনাফা অৰ্জনৰ হেতু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কম দামত ক্ৰয় কৰি অসমত অধিক দামত বিক্ৰীৰ জৰিয়তে অবৈধ ব্যৱসায় চলাই আহিছে দুষ্ট চক্ৰই। দীৰ্ঘদিন ধৰি চলি অহা এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে এইবাৰ চৰাইদেউ আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান। শেহতীয়াকৈ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষি চৌধুৰীৰ নেতৃত্বত সোণাৰি আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে এগৰাকী অৰুণাচলী সুৰা সৰবৰাহকাৰী।
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, সোণাৰিৰ মিৰিপথাৰ অঞ্চলৰ এজন লোকৰ ঘৰত ১০৭ লিটাৰ অবৈধ অৰুণাচলী সুৰা উদ্ধাৰ কৰে সোণাৰি আৰক্ষীয়ে। যাৰ ফলত অবৈধ সৰবৰাহ তথা অৰুণাচলী সুৰা মজুত কৰাৰ অভিযোগত লোকজনক আৰক্ষীয়ে আটক কৰি সোণাৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ইতিমধ্যে।
আনহাতে এতিয়াও অসম নগালেণ্ড আৰু অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিভিন্ন অঞ্চলত এনে অবৈধ সুৰা ব্যৱসায়ৰ দপদপনি অব্যাহত আছে। ফলত একাংশ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ লগতে গ্ৰামাঞ্চলৰ পৰিবেশ যথেষ্ট অৱনমিত হৈছে বুলি সমাজ সচেতন মহলে বিভিন্ন সময়ত উল্লেখ কৰি আহিছে। অৱশ্যে এতিয়া আৰক্ষীৰ এনে অভিযানে এই অসাধু ব্যৱসায়ীক কিমান প্ৰতিহত কৰিবলৈ সক্ষম হ'ব সেয়া হ'ব লক্ষণীয়।
Published by: Gautam Barman
FIRST PUBLISHED : March 27, 2023, 12:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।