সমগ্ৰ দেশত কেন্দ্ৰীয় গৃহমন্ত্ৰালয় (Home Ministry)ৰ একাংশ কৰ্মচাৰীয়ে সংঘটিত কৰিছে এক ভয়ংকৰ কেলেংকাৰী ৷ Foreign Contribution (Regulation) Amendment Act, 2020 চমুকৈ FCRAৰ অধীনত কিছুমান NGOৰ সৈতে মিলি ভুৱা নথি পত্ৰৰে লুণ্ঠন কৰাৰ চেষ্টা কৰিছিল দেশৰ গৃহমন্ত্ৰালয়ৰ একাংশ কৰ্মচাৰীয়ে ৷ কৰ্মচাৰীৰ এই কু কীৰ্তি পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ ঘটনাৰ দেশৰ গৃহ বিভাগে তদন্তৰ দায়িত্ব দিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBIক ৷
ইতিমধ্যে দেশৰ ৪০টা স্থানত চলিছে CBIৰ অভিযান ৷ দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, তালেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মণিপুৰৰ লগতে অসমতো একেলগে চলিছে CBIৰ অভিযান ৷ ইয়াৰ ভিতৰতে আছে গুৱাহাটীৰ Nayi Roshni Foundation নামৰ NGOটো ৷ বুধবাৰে শিলপূখুৰীস্থিত Labanya Palza নামৰ বিল্ডিঙত থকা Sky International Academyৰ সৈতে সংলগ্ন হৈ থকা NGOটোত অভিযান চলায় CBIয়ে ৷ কিন্ত আচৰ্যজনক ভাৱে অভিযান চলোৱা পাছতেই NGOটোৰ নাম ফলক আতৰাই পেলাই NGOটোৰ কৰ্মচাৰীয়ে ৷ সংবাদমাধ্যমকো বাতৰি সংগ্ৰহ কৰাত বাধা দিয়ে NGO টোৰ কৰ্মচাৰীয়ে ৷
ইতিমধ্যে সমগ্ৰ ঘটনাৰ অভিযান চলাই দেশৰ গৃহমন্ত্ৰালয়ৰ ১৪ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে CBIয়ে ৷ ৩৬টা গোচৰো নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে CBIয়ে ৷ ঘটনাৰ সন্দৰ্ভত অব্যাহত আছে CBIৰ তদন্ত ৷ দেশৰ এই জালিয়াতিৰ সৈতে আৰু কোন কোন জড়িত আছে ? গুৱাহাটীৰ NGOৰ সৈতে কি সম্পৰ্ক ? সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব CBIৰ অধিক অনুসন্ধানত ৷