ৰাজ্যত অব্যাহত গো-ধনৰ অবৈধ সৰবৰাহ (Cattle Smuggling)। নিশা হ'লেই উজনিৰ পৰা নামনিলৈ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ অব্যাহত গৰুৰ অবৈধ সৰবৰাহ। নিশা কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা গো-ভৰ্তি বাহন। গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে নাকা-চেকিঙৰ জৰিয়তে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন। জব্দকৃত ট্ৰাকখনৰ পৰা ৩৫টা গৰু উদ্ধাৰ (Cow Seized) কৰে কলিয়াবৰ আৰক্ষীয়ে।
বোকাখাটৰ পৰা নিশা সোণাপুৰলৈ গো-ধন সৰবৰাহ কৰাৰ সময়তে কলিয়াবৰ আৰক্ষীৰ জালত পৰে গো-সৰবৰাহকাৰী (Cow Smuggler)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে চালক জিদুল আলীক। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে- AS-01-JC-9256। ঘটনা সন্দৰ্ভত অৱ্যাহত আৰক্ষীৰ তদন্ত।
উল্লেখ্য যে, অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|