চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় তথা ছিন্ডিকেটক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে আজি কোকৰাঝাৰ জিলাৰ শিমলুটাপুত আৰক্ষীৰ গুলীত এজন চোৰাং গৰু সৰবৰাহকাৰী তথা ব্যৱসায়ী গুলীবিদ্ধ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক কুমাৰ প্ৰতীক থুবে বিজয় কুমাৰে সাংবাদিকৰ আগত ঘটনাৰ বিৱৰণী দি কয় যে গোপন সূত্ৰৰ ভিত্তিত আজি শিমলুটাপু বজাৰ এলেকাত চোৰাং গৰু ব্যৱসায়ীগৰাকী ঘূৰি ফুৰা বুলি আৰক্ষীয়ে সম্ভেদ লাভ কৰে৷ সেইমৰ্মে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছাৰৰ নেতৃত্বত অঞ্চলটোত চাৰিওপিনৰ পৰা অভিযান চলোৱা হয়৷
কিন্তু আৰক্ষীৰ এই অভিযানৰ উমান পাই চোৰাং গৰু ব্যৱসায়ীজনে অভিযানকাৰী আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলীয়াই এডৰা খেতিপথাৰৰ ফালে পলাই যোৱাৰ চেষ্টা চলায়৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অভিযানকাৰী আৰক্ষীৰ দলটোৱে প্ৰত্যুত্তৰ দিয়াত চোৰাং গৰু ব্যৱসায়ীজনৰ ভৰিত এটা গুলী লাগি আহত হয়৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, গুলীবিদ্ধ গৰুৰ চোৰাং ব্যৱসায়ীজনক শিমলুটাপুৰ শ্বাহ জামাল শ্বেখ বুলি চিনাক্ত কৰা হৈছে৷ জামাল গৰুৰ চোৰাং ব্যৱসায়, চালান আদিৰ স'তে জড়িত৷
তদুপৰি আৰক্ষী বিষয়াক হত্যা কৰাৰ প্ৰচেষ্টা চলোৱাৰ অপৰাধত জামালৰ বিৰুদ্ধে ৩০৭ ধাৰা জাপি দিয়া হৈছে৷ অভিযানকাৰী আৰক্ষীৰ দলে চোৰাং গৰু সৰবৰাহকাৰী জামালক লক্ষ্য কৰি পাঁচ জাঁই গুলী চালনা কৰাৰ বিপৰীতে জামাল শ্বেখে আৰক্ষী বাহিনীক লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰিছিল। গুলীবিদ্ধ জামাল শ্বেখক সম্প্ৰতি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য, জামালৰ জিম্মাৰ পৰা পিষ্টলৰ চাৰি জাঁই সক্ৰিয় গুলী উদ্বাৰ কৰিছে। আনহাতে জামাল কেইবাটাও গৰুৰ ছিন্ডিকেটৰ সৈতে জড়িত আৰু তাৰে কিছু ছিন্ডিকেট আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|