• Home
  • »
  • News
  • »
  • crime
  • »
  • গাড়ীত 'GOVT OF ASSAM' লিখা দেখিলেও দুবাৰ ভাবিব, সেয়া কোনো গাড়ী চোৰো হ'ব পাৰে!

গাড়ীত 'GOVT OF ASSAM' লিখা দেখিলেও দুবাৰ ভাবিব, সেয়া কোনো গাড়ী চোৰো হ'ব পাৰে!

ধৃত গাড়ী চালক মিৰাজ আহমেদে অজয় শইকীয়াৰ নামত ভুৱা পৰিচয় পত্ৰৰে গাড়ীখন ভাড়াত লৈছিল বুলি দিছে চাঞ্চল্যকৰে স্বীকাৰোক্তি।

ধৃত গাড়ী চালক মিৰাজ আহমেদে অজয় শইকীয়াৰ নামত ভুৱা পৰিচয় পত্ৰৰে গাড়ীখন ভাড়াত লৈছিল বুলি দিছে চাঞ্চল্যকৰে স্বীকাৰোক্তি।

ধৃত গাড়ী চালক মিৰাজ আহমেদে অজয় শইকীয়াৰ নামত ভুৱা পৰিচয় পত্ৰৰে গাড়ীখন ভাড়াত লৈছিল বুলি দিছে চাঞ্চল্যকৰে স্বীকাৰোক্তি।

  • Share this:
ৰাজ্যত গাড়ী চোৰৰ চক্ৰই নিতৌ অৱলম্বন কৰি আছে ন ন কৌশল। এইবাৰ 'GOVT OF ASSAM' লিখি গুৱাহাটীৰ পৰা বিক্ৰীৰ বাবে হোজাইলৈ অনা গাড়ীসহ এটা চোৰ হোজাই আৰক্ষীৰ জালত পৰিছে। পুৰণি বজাৰ বিশাল মেগা মাৰ্টৰ সমীপৰ পৰা আৰক্ষীয়ে  জব্দ কৰে  গাড়ীখন।

গুৱাহাটীৰ পৰা ভাড়াত আনি বিক্ৰী কৰিবলৈ যো-জা চলাই থাকোতে  হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধি আৰু টাউন উপ পৰিদৰ্শক বদন বৰাই এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰে গাড়ীখন। লগতে গাড়ীখন ভাড়াত অনা গাড়ী চালক মিৰাজ আহমেদ ওৰফে অজয় শইকীয়া ওৰফে বাবলু ওৰফে দেৱজিত নামৰ যুৱকজনক আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। গুৱাহাটীৰ ট্রেভেল এজেঞ্চিৰ পৰা ভাড়াত আনি কাৰ্বি আংলঙলৈ  বিক্ৰীৰ বাবে নিয়াৰ কৰিছিল পৰিকল্পনা।

ইপিনে জব্দ AS-01EN-5838 নম্বৰৰ গাড়ীখনত লিখা আছিল  'GOVT OF ASSAM' বুলি।চৰকাৰী লোকৰ বাহন বুলি পতীয়ন নিয়াবলৈ এনেদৰে লিখা হৈছিল। অন্যহাতে গাড়ীখন ভাড়াত লোৱা ধৃত গাড়ী চালকজনে অজয় শইকীয়াৰ ভুৱা পৰিচয় পত্ৰৰে গাড়ীখন ভাড়াত লৈছিল বুলি দিছে চাঞ্চল্যকৰে স্বীকাৰোক্তি। ধৃত গাড়ী চোৰটোৰ প্ৰকৃত নাম মিৰাজ আহমেদ আৰু ঘৰ শিৱসাগৰ জিলাৰ নামতি বৰচিলাত বুলি জানিব দিছে।

আৰক্ষীৰ চকুত ধূলি দিবলৈ ধৃত গাড়ী চালক জনে গাড়ীখনত GOVT OF ASSAM লিখি হোজাইত উপস্থিত হোৱাৰ পিছত আন এটা সতীৰ্থৰ অপেক্ষা কৰি থকা অৱস্থাত জালত পৰে হোজাই আৰক্ষীৰ।
Published by:Manjumoni Borah
First published: